কাৰিকৰী বিজুতিৰ বাবে নাম পঞ্জীয়নত হাহাকাৰঃ শনিবাৰ–দেওবাৰে নিয়োগ বিনিময় কেন্দ্র খোলাৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২৮ মে’: ৰাজ্যৰ তৃতীয় আৰু চতুর্থবর্গৰ ২৬ হাজাৰ পদৰ বাবে আবেদনৰ অন্তিম দিন বৃদ্ধি কৰিবলৈ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংগঠনটোৱে দাবী উত্থাপন কৰিছে৷ বিশেষকৈ নিয়োগ বিনিময় কেন্দ্রত অনলাইন পঞ্জীয়নৰ ক্ষেত্রত নিবনুৱাসকলে সন্মুখীন হোৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি পদসমূহৰ আবেদনৰ অন্তিম দিন বৃদ্ধি কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে৷
চৰকাৰে প্রকাশ কৰা বিজ্ঞাপন অনুসৰি তৃতীয়বর্গৰ ১৩,১৪১ আৰু চতুর্থবর্গৰ ১৩,৩০০টা পদৰ আবেদনৰ অন্তিম দিন অহা ৩১ মে’ ধার্য কৰা হৈছে৷ আজি এক বিজ্ঞপ্তিত সংগঠনটোৰ এডমিন মানসপ্রতিম বৰুৱাই কয় যে এনআইচি কর্তৃপক্ষৰ হেমাহিৰ বাবে ৰাজ্যৰ নিয়োগ প’র্টেলৰ ছার্ভাৰ সঘনে ডাউন হোৱা, পঞ্জীয়ন কৰি থকা অৱস্থাতে হঠাৎ টাইম আউট হোৱা আদি সমস্যাই চাকৰি প্রত্যাশীসকলক জুৰুলা কৰি তুলিছে৷ অনলাইন পঞ্জীয়ন বাধ্যতামূলক কৰাৰ পাছত এই পদসমূহৰ বাবে আবেদনৰ অন্তিম সময়লৈ মাত্র চাৰি দিন থকা অৱস্থাত অনলাইন ব্যৱস্থাৰ কাৰিকৰী বিজুতি দূৰ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা আবেদন কৰাৰ পৰা বঞ্চিত হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷
তদুপৰি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ বাবে অথবা বহু অঞ্চলত বিদ্যুতৰ সমস্যাৰ বাবেও এচাম প্রার্থী এই পদসমূহত আবেদন কৰাৰ পৰা বঞ্চিত হৈছে৷ ইপিনে, এনআৰচিজনিত সমস্যাৰ বাবে আধাৰ কার্ড নথকা লোকসকলক নিয়োগ বিনিময় কেন্দ্রত গৈ নথিপত্র পৰীক্ষা কৰাৰ সুযোগ দি নাম পঞ্জীয়ন কৰাৰ অনুমতি প্রদান কৰা হৈছে৷ সেয়েহে অসম চৰকাৰক ৰাজ্যৰ সকলো প্রার্থীৰ ক্ষেত্রতেই কিছুদিনৰ বাবে এই সুবিধা প্রদান কৰিবলৈ আহ্বান জনায় বৰুৱাই, যাতে আধাৰৰ জৰিয়তে অনলাইন পঞ্জীয়নৰ উপৰি চাকৰি প্রত্যাশীসকলে নন–আধাৰ পদ্ধতিত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে৷
এই প্রসংগতে তেওঁ কয়– বহু প্রার্থীয়ে আধাৰ কার্ডত থকা নানা বিসংগতিৰ ফলত নিয়োগ বিনিময় কেন্দ্রত অনলাইন নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি বহু সময়ত আধাৰ কার্ডৰ বাবে অনলাইন আবেদন কৰিও বহু প্রার্থী হতাশ হ’বলগীয়া হৈছে৷ কিয়নো সকলো তথ্য চালি–জাৰি চাই আধাৰ কার্ডৰ বাবে আবেদন কৰাৰ পাছতো তেওঁলোকৰ আধাৰ কার্ড নাকচ কৰা হয়৷ মূলতঃ আধাৰ ব্যৱস্থাৰ ছার্ভাৰ অথবা আন কাৰিকৰী বিজুতিৰ ফল এতিয়া ভুগিবলগীয়া হৈছে অসমৰ লাখ লাখ নিবনুৱাই৷ উল্লেখ্য যে চৰকাৰে বিজ্ঞাপন প্রকাশ কৰা পদসমূহৰ আবেদনৰ অন্তিম দিন চমু চাপি অহাৰ বাবে অহা ২৮ আৰু ২৯ মে’ত অর্থাৎ শনি আৰু দেওবাৰে ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্রসমূহ খোলা ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷ এনআৰচিৰ বাবে আধাৰ লাভ নকৰা প্রার্থীসকলে যাতে নাম পঞ্জীয়নত অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে এই নির্দেশ প্রদান কৰা হৈছে৷ ইয়াৰ বিপৰীতে অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰিব বিচৰা নিবনুৱাসকলে কাৰিকৰী বিজুতিৰ বাবে সন্মুখীন হোৱা সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷