নিয়মীয়া বাৰ্তা, ২৮ মে’: অসমৰ তৈল উদ্যোগলৈ সুখবৰ৷ অসমত বন্ধ, ধর্ণাৰ সংস্কৃতি যথেষ্ট হ্রাস পাহছে৷ সেয়েহে সর্বকালৰ ৰেকর্ড ভংগ কৰি অইল হণ্ডিয়া লিমিটেডে মুনাফা অর্জন কৰিবলৈ সক্ষম হৈছে৷ বিগত বিত্তীয় বর্ষ ২০২১–২২ত অহলৰ মুঠ লাভ হৈছে ৩,৮৮৭.৩১ কোটি টকা৷ ২০২০–২১ বিত্তীয় বর্ষতকৈ লাভৰ হাৰ বৃদ্ধি পাইছে ১২৩.২০ শতাংশ৷ নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰিছে অহলৰ পৰিচালন অধ্যক্ষ সুশীল চন্দ্র মিশ্রই৷ পাছত সাংবাদিকৰ আগত ৰেকর্ড সৃষ্টি কৰা এহ মুনাফাৰ কাৰণ হিচাপে মিশ্রহ অসমত বন্ধ, ধর্ণাৰ সংস্কৃতি যথেষ্ট পৰিমাণে হ্রাস পোৱা বুলি মন্তব্য কৰিছে৷ তাৰ সুফল অহলৰ তেল আৰু গেছৰ উৎপাদনতো পৰিছে৷
ইপিনে সংবাদ মেলত অইলৰ বিত্ত বিভাগৰ অধ্যক্ষ হৰিশ মাধৱে ২০২১–২২ বর্ষত হোৱা মুনাফাৰ বিষয়ত সবিশেষ অৱগত কৰি কয় যে প্রযোজ্য সকলো ধৰণৰ কৰ বাদ দি অহলে লাভ কৰিছে ৩,৮৮৭.৩১ কোটি টকা৷ ২০২০–২১ বর্ষত লাভ হৈছিল ১,৭৪১.৫৯ কোটি টকা৷ আনহাতে, সদ্যসমাপ্ত বিত্তীয় বর্ষটোত অহলৰ মুঠ আয় (টার্ন অভাৰ) হৈছে ১৪,৫৩০.১৮ কোটি টকা৷ অহলৰ এহ মুঠ আয়ো সর্বকালৰ ৰেকর্ড ভংগকাৰী৷ ২০২০–২১ বর্ষত তেল কোম্পানীটোৰ আয় হৈছিল ৮,৬০৪.৯০ কোটি টকা৷ ৰেকর্ড সৃষ্টিকাৰী উৎপাদন তথা লাভ অর্জন কৰা অহলে পিছে থলুৱা নিযুক্তিৰ ক্ষেত্রত প্রতিষ্ঠানটোৰ কোনো নীতি সলনি নকৰে বুলি অহলৰ পৰিচালন অধ্যক্ষ সুশীল চন্দ্র মিশ্রহ স্পষ্ট কৰি দিয়ে৷
আলফাকে ধৰি বিভিন্ন উগ্রপন্থী সংগঠনে অহলত থলুৱা নিযুক্তৰ বাবে হেঁচা প্রদান কৰা প্রসংগত মিশ্রই কয় যে অহলত থলুৱা কর্মী আছে৷ খুব ধুনীয়াকৈ কোম্পানীটোৱে অসমত কাম কৰি আছে৷ সেয়েহে নিযুক্তি সংক্রান্তীয় নীতি সলনি কৰাৰ কোনো প্রয়োজন নাই বুলি তেওঁ সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে৷ আনহাতে বাঘজানৰ ঘটনাক তেল উৎপাদনকাৰী হতিহাসত বিশ্বৰ সর্ববৃহৎ দুর্ঘটনা বুলি চিহ্ণিত কৰি মিশ্রই কয় যে বাঘজান তৈলক্ষেত্র সম্পূর্ণৰূপে বর্জন কৰা হৈছে৷ দুর্ঘটনথলীত এতিয়া বৃক্ষৰোপণৰ কাম চলি আছে৷ অগ্ণিনির্বাপণৰ ক্ষেত্রত সা–সৰঞ্জামৰ অভাৱ থকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে বিদেশৰ পর্যাপ্ত সা–সৰঞ্জাম ক্রয় কৰাৰ বাবে অইলে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে তথা ৮০–৯০ শতাংশ সৰঞ্জাম ক্রয় কৰিবলৈ সক্ষম হৈছে৷
দুলীয়াজানত অইলৰ অগ্নিনির্বাপক কেন্দ্র স্থাপন কৰা হ’ব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷ আনহাতে, প্রদূষণৰ পৰা মুক্ত হোৱাৰ বাবে মিশ্রই এক সুখবৰ দিয়ে৷ অক্টোবৰ–নৱেম্বৰ মাহৰ ভিতৰত আছাম গেছ কোম্পানীৰ সহযোগিতাত অইলে গুৱাহাটীত অসমত প্রথমবাৰৰ বাবে চি এন জি পাম্প স্থাপন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ ইপিনে শেহতীয়াকৈ চাইবাৰ আক্রমণৰ চিকাৰ হোৱা অইলৰ বিত্তীয় তথা ডাটা সংক্রান্ত কোনো লোকচান হোৱা নাই বুলিহে মিশ্রই সংবাদ মেলত জানিবলৈ দিয়ে৷ কেৱল দহ দিনৰ বাবে কাম–কাজত কিছু অসুবিধা সৃষ্টি হৈছিল বুলি তেওঁ মন্তব্য কৰে৷ সংবাদ মেলত মিশ্রই দিয়া আন এটা সুখবৰ আছিল যে বিগত বিত্তীয় বর্ষত অইলে অসমত এটা নতুন তৈল আৰু গেছ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে৷ পিছে এটা তৈল ভাণ্ডাৰ কিম্বা গেছ ভাণ্ডাৰৰ সন্ধান লাভ কৰাৰ পাছত কূপ স্থাপন কৰাৰ ক্ষেত্রত ৭–৮ বছৰ সময় লাগে বুলি জানিবলৈ দি তেওঁ লগতে আশা ব্যক্ত কৰে যে অনাগত দিনত অইলৰ উৎপাদন আৰু বৃদ্ধি পাব৷