ধুবুৰীত আৰক্ষীৰ তীৰবিৰোধী অভিযানত ধৃত দুজনকৈ তীৰৰ বুকী
নিয়মীয়া বাৰ্তা, ৩১ মেঃ আজি ধুবুৰী আৰক্ষীৰ অভিযানত তীৰ খেলৰ টিকট আৰু নগদ ধনসহ দুজন ব্যক্তিক কৰায়ত্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ এটি দলে চহৰখনৰ পাৰ্শ্বৱৰ্তী ফলিমাৰী অঞ্চলত তীৰ বিৰোধী এক অভিযান চলাইছিল। উক্ত অভিযানত আৰক্ষীৰ দলটো নগদ ধন আৰু তীৰৰ টিকটসহ দুজনকৈ তীৰৰ বুকি কৰায়ত্ব কৰা বুলি প্ৰকাশ। ধৃত দ্বয় জনৈক ৰেজ্জাক আলী আৰু ৰফিক ইছলাম বুলি জানিব পৰা গৈছে। ইয়াতে উল্লেথনীয় যে, মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২ গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ তীৰ বিৰোধী সেই অভিযানৰ পিছত প্ৰায় এমাহ–ডেৰমাহমান জুৱাবিধ ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ আছিল। কিন্তু সময় বাগৰাৰ ল’গে ল’গে আৰক্ষীৰ তীৰ বিৰোধী স্থিতি ক্ৰমশঃ শিথিল হৈ পৰাৰ সুযোগ লৈ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত তীৰৰ সৈতে জড়িত চক্ৰবোৰ পুনৰায় সক্ৰিয় হৈ পৰা বুলিয়েই কিন্তু চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে এতিয়া।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী