বিশ্বপ্রসিদ্ধ পেইণ্টিং মনালিছাত কেক ক্রীম সানিলে বৃদ্ধাৰ বেশত মহিলাই, ছ’চিয়েল মিডিয়াত ভাইৰেল
নিয়মীয়া বাৰ্তা, ১জুন: বিশ্বপ্রসিদ্ধ শিল্পী লি’নার্ড’ দা ভিন্সিৰ চিৰযুগমীয়া পেইণ্টিং মনালিছাত কেক ক্রীম সনাক লৈ বিশ্বজুৰি ব্যাপক চর্চা হৈছে৷ বৃদ্ধা মহিলাৰ বেশত এজন লোকে অতি সুৰক্ষিত পেৰিছৰ লৌৰভে সংগ্রহালয়ত পেইণ্টিঙৰ অনুৰাগীৰ মাজতে আচম্বিতে মনালিছাৰ ওপৰত কেক ক্রীম সনা ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ বিশ্বখ্যাত পেইণ্টিং মনালিছাত কেক ক্রীমেৰে দাগ লগোৱাক লৈ প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷
পেৰিছৰ বিশ্বখ্যাত সংগ্রহালয়টোত এই ঘটনাৰ প্রত্যক্ষদর্শী অনুৰাগীয়ে প্রকাশ কৰা মতে, উইগ পৰিধান কৰি হুইল চেয়াৰত অহা লোকজনে হঠাতে হুইল চেয়াৰৰ পৰা উঠি গৈ পেইণ্টিঙৰ ওচৰলৈ যায় আৰু প্রদর্শিত হৈ থকা মনালিছাৰ ফটোখন বিনষ্ট কৰিব বিচাৰে৷ যেতিয়া তেওঁ সেইটো কৰিব নোৱাৰিলে, তেতিয়াই কেনভাছখনলৈ কেক দলিয়ায় আৰু পেইণ্টিংখনৰ গ্লাছত কেক বিয়পি পৰে৷ নিৰাপত্তাৰক্ষীয়ে তেওঁক আঁতৰাই নিয়ে৷ সেই সময়ত ব্যক্তিজনে চিঞৰি চিঞৰি কৈছিল– একাংশ লোকে পৃথিৱীখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে৷ আন একাংশই পৃথিৱীখনৰ বাবে ভাবে৷
তাৎপর্যপূর্ণ যে কেক ক্রীমেৰে মনালিছা শীর্ষক পেইণ্টিংখনত আক্রমণ কৰিলেও পেইণ্টিংখনৰ অলপো ক্ষতি হোৱা নাই৷ কিয়নো মনালিছা শীর্ষক পেইণ্টিংখন বুলেটপ্রুফ গ্লাছৰ পিছত ৰখা হয়৷ সংগ্রহালয় কর্তৃপক্ষই প্রকাশ কৰা মতে, ১৯৫৬ চনত প্রথমবাৰৰ বাবে মনালিছা পেইণ্টিংখন বিনষ্ট কৰাৰ বাবে দুষ্কৃতিকাৰীয়ে চেষ্টা চলাইছিল৷ সেইসময়ত বিশ্বখ্যাত পেইণ্টিংখনৰ তলৰ ফালে সামান্য ক্ষতি হৈছিল৷ কিয়নো দুষৃকতিকাৰীয়ে এচিডেৰে আক্রমণ কৰিছিল৷ পৰৱর্তী সময়ত মনালিছা শীর্ষক পেইণ্টিংখন নিৰাপদ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ বুলেটপ্রুফ গ্লাছেৰে আৱৰি ৰখা হয়৷ এনে সুৰক্ষাৰ বাবে যোৱা দেওবাৰে পেইণ্টিংখন বিনষ্ট কৰিব নোৱাৰিলে৷