নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশনঃ মৰিয়নি নগৰবাসীক মাটিৰ পট্টা দিয়াৰ দাবী

বিশেষ বাৰ্তা, ১ জুনঃ মৰিয়নিৰ জ্যেষ্ঠ নাগৰিক সকলৰ উমৈহতীয়া অনুষ্ঠান মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্য্যসূচীৰে ইয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । পুৱা পৰিবেশ নিকাকৰণৰ পিছত পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে মৰিয়নিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ নাথ দত্তই । বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী বিমান বৰবৰাই স্মৃতি তৰ্পন কৰে । ইয়াৰ পিছত অনুষ্ঠিত প্ৰতিনিধি সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । এই সভাত মৰিয়নি নগৰৰ বাসিন্দা সকলক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় । লগতে শেহতীয়াকৈ যিসকল লোকক পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে সেইসকল লোকৰ বাবে চৰকাৰে ধাৰ্য্য কৰা প্ৰিমিয়ামৰ ধন সৰ্বসাধাৰণ লোকৰ গ্ৰহণযোগ্য হোৱাকৈ হ্ৰাস কৰিবলৈও দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । আনহাতে, কুশল কোঁ‌ৱৰ বৃদ্ধ পেঞ্চনৰ ধন দুশ পঞ্চাশ টকাৰ পৰিৱৰ্তে তাক বৃদ্ধি কৰি এহাজাৰ টকা কৰিবলৈ দাবী জনায়ো এক প্ৰস্তাৱ লোৱা হয় ।তাৰোপৰি, জ্যেষ্ঠ নাগৰিক সকলৰ বাবে মৰিয়নি নগৰত একঠা মাটি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় । একেদৰে, ৰে’লৱে ভ্ৰমণত জ্যেষ্ঠ ব্যক্তিসকলৰ বাবে থকা ৰেহাই মূল্য সম্প্ৰতি বন্ধ কৰি দিয়াত সভাই আক্ষেপ প্ৰকাশ উক্ত ৰেহাই ব্যৱস্থা পুনৰ বাহাল কৰিবলৈ আহ্বান জনায় । লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছতো জ্যেষ্ঠ লোকসকলৰ বাবে পূৰ্বৰ দৰে ৰেহাইৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায় । মৰিয়নিত ৰে’ল বিভাগে ইতিমধ্যে কৰ্তন কৰি নিয়া বিভাগ সমূহ পুনৰ মৰিয়নিত আৰম্ভ কৰিবলৈ ৰে’ল বিভাগক দাবী জনাই আন এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । এই সভাতেই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূদ্ৰ গগৈক সভাপতি, ধীৰেন্দ্ৰ নাথ দত্তক কাৰ্য্যকৰী সভাপতি, বিলাতী তাঁ‌তী আৰু নেকিব ইছলামক উপ-সভাপতি, ঘনকান্ত শইকীয়াক সাধাৰণ সম্পাদক, তৰুণ শইকীয়াক সহকাৰী সম্পাদক, চম্পা শইকীয়া আৰু টংকেশ্বৰ গগৈক সাংগাঠানিক সম্পাদক, ৰমেশ কামানক কোষাধ্যক্ষ, প্ৰদীপ দাস আৰু ৰাজীৱ পৱন বৰুৱাক কাৰ্য্যালয় সম্পাদক হিচাপে লৈ এখনি ২৩ জনীয়া নতুন কাৰ্য্যকৰী সমিতি গঠন কৰা হয় । আনহাতে, দুপৰীয়া ধীৰেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখা কৰে ৰূদ্ৰ গগৈয়ে । সভাত বিশিষ্ট দৰ্শনবিদ, সাহিত্যিক, দেৰগাঁও কমল দুৱৰা কলেজৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° গিৰিশ বৰুৱা, তিতাবৰ নন্দনাথ শইকীয়া কলেজৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক,সমাজকৰ্মী বিমান বৰবৰা, চিনামৰা কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা মৰিয়নি কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আনন্দ শইকীয়া, মৰিয়নি ৰে’লৱে হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, যোৰহাট জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিষয়ববীয়া ৰূদ্ৰ শৰ্মা, নকছাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ-সভাপতি জগত মোহন গগৈ, সম্পাদক ঘন লাহন, অৱসৰপ্ৰাপ্ত ৰে’লৱে বিষয়া যোগেশ্বৰ বুঢ়াগোঁ‌হাইক আদৰণি জনোৱা হয় । সভাখনত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰ পৰা অশীতিপৰ সদস্য বিমান বৰবৰা, বীৰেন দত্ত, লাচিত বুঢ়াগোঁ‌হাই আৰু সুৰজিত সিঙৰ লগতে প্ৰয়াত সদস্যসকলৰ পৰিয়াল বৰ্গক সম্বৰ্ধনা জনোৱা হয় । সভাত ৰূদ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘প্ৰবীনজ্যোতি’ উন্মোচন কৰে শিক্ষাবিদ- সাহিত্যিক ড° গিৰিশি বৰুৱাই । আনহাতে, ড° গিৰিশ বৰুৱাৰ দুখন গ্ৰন্থ ‘অন্নংভট্টৰ তৰ্ক সংগ্ৰহ, অনুবাদ আৰু ব্যাখ্যা’ আৰু ইংৰাজী ভাষাৰ গ্ৰন্থ ‘PROBLEMS OF PHILOSOPHY’ সভাপতি ধীৰেন্দ্ৰ নাথ দত্তৰ লগতে আমন্ত্ৰিত অতিথিসকলে উন্মোচন কৰে । স্মৃতিগ্ৰন্থ উন্মোচন কৰি ড° গিৰিশ বৰুৱাই সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে । আনহাতে, সভাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি শিক্ষাবিদ আনন্দ শইকীয়া, ৰূদ্ৰ শৰ্মা, হীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ঘন লাহন আদিয়ে বক্তব্য প্ৰদান কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like