নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬.৫ বছৰৰ কাৰাবাসত সকলো যোগাযোগ বিছিন্ন হৈ পৰিল, জামিনৰ চৰ্ত পূৰণৰ বাবে পোৱা নাই কাকো, আৰু সময় লাগে ইন্দ্ৰাণী মুখাৰ্জীক

বিশেষ বাৰ্তা, ৩ জুনঃ শ্বীনা বৰাৰ হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক ২ লাখ টকাৰ ধনৰাশি প্ৰদান কৰিবলৈ দিয়া চাৰি সপ্তাহৰ সময়সীমা বৃদ্ধিৰ বাবে অনুৰোধ জনাইছে। ১৮ মে’ত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল ইন্দ্ৰাণী মুখাৰ্জীৰ। যিহেতু ১৮ মে’ত বিশেষ চিবিআই আদালত ছুটীত আছিল সেয়ে ভাৰপ্ৰাপ্ত আদালতে অভিযুক্তক জামিনত মুকলি কৰি দিয়াৰ চৰ্ত নিৰ্ধাৰণ কৰিছিল। এজন বা একাধিক নিশ্চয়তা প্ৰদান কৰা ব্যক্তিৰ সৈতে ২ লাখ টকাৰ ব্যক্তিগত বণ্ডত তেওঁক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছিল। একেটা আদেশতে আদালতে নিৰ্দেশ দিয়ে যে যিহেতু নিশ্চয়তা প্রদান কৰা ব্য়ক্তিৰ বাবে কিছু সময় লাগিব পাৰে, সেয়ে ২ লাখ টকাৰ নগদ জামিনৰ পৰিমাণ প্রদান কৰিলে মুখাৰ্জীক সাময়িকভাৱে মুকলি কৰি দিব পাৰে। লগতে চর্তসমূহ মানি চলিবলৈ ১৯ মে’ৰ পৰা দুসপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল৷ দুসপ্তাহৰ সময়সীমা ১ জুনত শেষ হৈছে আৰু সেয়েহে পুনৰ আদালতৰ কাষ চাপিবলগীয়া হৈছে ইন্দ্ৰাণীয়ে। কন্য়াৰ হত্যাত অভিযুক্ত ইন্দ্ৰাণীৰ অধিবক্তা ছানা ৰায়িছ খানে আদালতৰ সন্মুখত যুক্তি আগবঢ়ায় যে চিবিআইয়ে তেওঁৰ ফোনটো জব্দ কৰাৰ বাবে তেওঁ একো কৰিব পৰা নাই। দীঘলীয়া ৬.৫ বছৰৰ পাছত জেলৰ পৰা ওলাই অহাৰ বাবে আৰু বন্ধু-বান্ধৱী তথা আত্মীয়ৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন হোৱাত মুখাৰ্জীয়ে নিশ্চয়তা প্ৰদান কৰিব পৰা কাকো বিচাৰি পোৱা নাই। লগতে আবেদন কৰা হৈছে যে নিশ্চয়তা প্রদান কৰাৰ পদ্ধতিত কিছু সময় লাগিব৷ সেয়েহে আঠ সপ্তাহৰ সময় পুনৰ বঢ়াই বিচাৰিছে। কিন্তু আঠ সপ্তাহ বহুত দীঘলীয়া সময় বুলি প্ৰকাশ কৰি ন্য়ায়াধীশে চাৰি সপ্তাহৰ সময় দিছে।

You might also like