কাইজেন একাডেমি ঢকুৱাখনাত বিশ্ব পৰিবেশ দিবস আৰু দুবছৰীয়া প্ৰতিষ্ঠা দিবস উদযাপন
নিয়মীয়া বাৰ্তা,৬ জুনঃ ঢকুৱাখনাত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস আৰু একাডেমিৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা একাডেমিৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰছাত্ৰীৰ যৌথ উদ্যোগত সামূহিক চাফাই আৰু একাডেমিৰ অধ্যক্ষ ফ্ৰান্সিচ ধানে কৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে অনুস্থিত কৰা গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে উপস্থিত থাকে ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা আৰু ঢকুৱাখনাৰ মহকুমা ন্যায়িক দণ্ডাধীশ সৰস্বতী পাদুন ৷ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ সহকাৰী অধ্যাপিকা মিনাক্ষী সেনাপতিয়ে মডেল প্ৰতিযোগিতা উদ্বোধন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজ্ঞান কৰ্মী দিগেন্দ্ৰ নাথ হাজৰিকা। দুপৰীয়া মনজিৎ সিঙে একাডেমিৰ মূল মঞ্চ উদ্বোধন কৰাৰ পাছতে একাডেমিৰ শিক্ষাৰ্থী সকলে সমবেত সংগীত পৰিৱেশন কৰে। বিশ্ব পৰিবেশ দিবস উপলক্ষে “ ‘কেৱল মাত্ৰ এখন পৃথিৱী’“ শীৰ্ষক আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকি কাইজেন একাডেমিৰ সদ্য বিদায়ী উপাধ্যক্ষ তথা অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদক তথা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ:শিক্ষক মানস প্ৰতিম দত্তই পৰিৱেশ সুৰক্ষাৰ বিভিন্ন প্ৰায়োগিক দিশ সম্পৰ্কে অভিৰোচনমূলক বক্তৃতা আগবঢ়ায়। ইয়াৰ পাছতে একাডেমিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হৈ যায়। একাডেমিৰ শিক্ষাৰ্থী সকলে বিভিন্ন সৃজনশীল অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত লোকক মুগ্ধ কৰে। মুকলি সভাত বিদ্যালয়ৰ দুবছৰীয়া যাত্ৰাৰ বিষয়ে আলোকপাত কৰি ভোলনাথ গগৈ, পূৰ্ণানন্দ গগৈ, ভূৱন চমুৱা, পূৰ্ণ লাহন, কুমুদ চন্দ্ৰ শৰ্মা, হেমন্ত কুমাৰ বৰুৱা, ৰাজ কুমাৰ , ডিব্ৰুগড় চিটি কলেজৰ সহ অধ্যাপিকা সাধনা শৰ্মা আদি উপস্থিত থাকে ৷