নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুপ্তচৰ: জয়ছালমেৰ সীমান্তত পাকিস্তানৰ পৰা অহা পক্ষীক লৈ চাঞ্চল্য; দুই ঠেঙত বিভিন্ন ধাতুৰ আঙঠি

নিয়মীয়া বাৰ্তা,৬ জুনঃ ভাৰত–পাকিস্তান সীমান্তৱর্তী অঞ্চলত এটা পৰিভ্রমী পক্ষী উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ পাকিস্তান সীমান্তৰ পৰা ভাৰতত আহি প্রৱেশ কৰিছে এই পক্ষী৷ পৰিভ্রমী এই পক্ষী পাকিস্তানী চোৰাংচোৱা হ’ব পাৰে বুলি সন্দেহ কৰিছে ভাৰতীয় সেনাই৷ ইতিমধ্যে বি এছ এফৰ তৰফৰ পৰা এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰা হৈছে৷ স্থানীয় সূত্রই প্রকাশ কৰা অনুসৰি বার্মেৰ আৰু জয়ছালমেৰ সংলগ্ন বিষ্ণু কী ধানি গাঁৱৰ বাসিন্দাসকলে এই পৰিভ্রমী চৰাইটো সীমান্তৰ সিপাৰৰ পৰা উৰি আহি ভাৰতত প্রৱেশ কৰা প্রত্যক্ষ কৰিছে৷ গাঁৱৰ লোকসকলে চৰাইটোক ধৰি বি এছ এফৰ ৮৭ বেটেলিয়নৰ বিষয়াৰ হাতত গতাই দিয়ে৷ এছিয়াটিক হোভাৰা এই পক্ষীটি পাকিস্তানী সেনাই গুপ্তচৰ হিচাপে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে বুলি বি এছ এফে সন্দেহ কৰিছে৷

পক্ষীটোৰ সোঁ ঠেঙত এলুমিনিয়ামৰ আঙঠিসহ অন্য দুটি ধাতুৰ আঙঠি পিন্ধাই থোৱা আছে৷ ইফালে, বাঁও ঠেঙত আছে প্লাষ্টিকৰ এটা আঙঠি৷ এই আঙঠিটোত বিভিন্ন চিহ্ণ অংকন কৰি থোৱা হৈছে৷ ইফালে, পৰিভ্রমী এই পক্ষীৰ নখত সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই) বুলি লিখা এটুকুৰা কাপোৰো পোৱা গৈছে৷ ইতিমধ্যে বি এছ এফৰ বিশেষজ্ঞই এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে যদিও বিশেষ কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷

You might also like