আজিৰ দিনটোৰ ৰাশিফল
মেষ: পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
বৃষ: উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব৷ আর্থিকতো চিন্তা৷ প্রেমত শুভ৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৫৷
মিথুন: আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব৷ আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
কর্কট: কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
সিংহ: অধীৰ আগ্রহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল৷ বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক৷ আবেলি কিছু উন্নত৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
কন্যা: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান৷ ব্যৱসায়ত মধ্যম ফল পাব৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷
তুলা: কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত উন্নতি৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
বৃশ্চিকঃ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷ আর্থিক দিশত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
ধনু: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যত তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৪৷
মকৰ: মনত ফৰকাল নাৰাখিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৮৷
কুম্ভ: নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব৷ সুকুমাৰ কলা শিল্পত অনুকূল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
মীন: কিছু সন্দেহ আৰু কষ্টৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷