আই পি এলত ৰিয়ানৰ আচৰণঃ সাক্ষাৎকাৰত স্পষ্ট কৰিলে অসম সন্তানে
নিয়মীয়া বাৰ্তা, ৭ জুনঃ এইগৰাকী অসম সন্তানৰ জৰিয়তেই আই পি এললৈ আহিছে বিহুনাচ৷ সেই ৰিয়ান পৰাগে সদ্যসমাপ্ত আই পি এলত কৰা আচৰণক লৈ প্রশ্ণ তুলিছিল ধাৰাভাষ্যকাৰেও৷ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হর্ষল পেটেল আৰু মহম্মদ ছিৰাজৰ সৈতে খেলপথাৰৰ ভিতৰতে তর্কযুদ্ধ হয় ৰাজস্থান ৰয়েলছৰ ৰিয়ানৰ৷ তেতিয়াই তেওঁক ‘সৰু ল’ৰা’ বুলি বুজাই দিয়ে পেচ বলাৰ চিৰাজে৷
উল্লেখ্য যে বাংগালুৰু আৰু ৰাজস্থানৰ মেচখনত হর্ষলৰ অন্তিম অ’ভাৰত ১৮ ৰান লয় ৰিয়ানে৷ ইয়াৰ পিছতে হর্ষলক খেলপথাৰ ত্যাগ কৰিবলৈ কয় যুৱ খেলুৱৈগৰাকীয়ে৷ তেওঁলোকৰ মাজত হোৱা তর্ক–বিতর্ক বন্ধ কৰিবলৈ আগুৱাই আহে দুয়োদলৰ খেলুৱৈসকল৷ মেচখনত পৰাজিত হয় বাংগালুৰু৷ সেই ঘটনাৰ কথাই এক সাক্ষাৎকাৰত ৰিয়ানে দাঙি ধৰে৷ তেওঁ কয় ‘যোৱা বছৰ মোক আউট কৰি হর্ষলে হাতেৰে খেলপথাৰৰ পৰা ওলাই যোৱাৰ ইংগিত দিছিল৷ খেলপথাৰত সেই আচৰণ দেখা নাছিলোঁ যদিও হোটেললৈ উভতি গৈ টিভিত দেখিছিলোঁ৷ এই কথাটোৱে মোক আমনি কৰি আছিল৷ এইবাৰ যেতিয়া শেষ অ’ভাৰত মই হর্ষলক প্রহাৰ কৰি দলক জয়ৰ পথলৈ আনিছিলোঁ তেতিয়াই সেই আচৰণ ওভতাই দিছিলোঁ৷ মই মুখেৰে একো কোৱা নাছিলোঁ৷ আৰু কোনো কটুক্তিও কৰা নাছিলোঁ৷’
ৰিয়ানে লগতে কয়, ‘মেচৰ শেষত ছিৰাজে মোক মাতি কৈছিল সৰু ল’ৰা, সৰু ল’ৰাৰ দৰেই থাকা৷ মই তেওঁৰ লগত কথা পাতিব নিবিচাৰো বুলি কৈছিলোঁ৷’ মেচৰ অন্তত হর্ষলে ৰিয়ানৰ সৈতে হাত মিলোৱা নাছিল৷ সেই আচৰণহে শিশুৰ দৰে যেন অনুভৱ হৈছিল ৰিয়ানৰ৷ উল্লেখ্য যে চলিত বর্ষত ৰাজস্থানৰ হৈ ৰিয়ানে ১৭খন মেচ খেলি সংগ্রহ কৰে ১৮৩ ৰান৷ আই পি এলৰ ফাইনেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাজিত হয় ৰিয়ানৰ ৰাজস্থান৷