দুসপ্তাহৰ পিছতহে গা লৰিছে আৰক্ষীৰ, হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক বক্তব্য, বিজেপি নেতা-সাংবাদিকৰ বিৰুদ্ধে গোচৰ
বিশেষ বাৰ্তা, ৯ জুনঃ হজৰত মহম্মদ আৰু ইছলামৰ বিৰুদ্ধে দুজন বিজেপি নেতাই আপত্তিজনক বক্তব্য দিয়াৰ দুসপ্তাহৰ পাছতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ঘৃণামূলক ভাষণ, উচটনি দিয়া, সমাজৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। বিজেপিৰ মুখপাত্ৰ, এগৰাকী সাংবাদিক, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী, বিভিন্ন ধৰ্মীয় সংগঠনৰ সদস্যৰ নাম উল্লেখ কৰি দুটাকৈ এফআইআৰ পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে সদ্যনিলম্বিত বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা আৰু দলটোৰ দিল্লী মিডিয়া চেলৰ মুৰব্বী নবীন কুমাৰ জিন্দালৰ আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্যৰ ফলত সৃষ্টি হোৱা বৃহৎ কূটনৈতিক ধুমুহাৰ পিছতেহে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। টিভি আৰু ছ’চিয়েল মিডিয়াত প্ৰায়ে একেধৰণৰ ঘৃণামূলক ব্যক্তব্য প্ৰকাশ পোৱা বাবে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণত পলম হোৱাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। ১৬খনতকৈও অধিক দেশে বিজেপি নেতা দুগৰাকীৰ মন্তব্যক তীব্ৰ সমালোচনা কৰাৰ ঠিক পিছতেই আৰক্ষী কিছু তৎপৰ হোৱা দেখা গৈছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছে নে দিল্লী আৰক্ষীৰ বিশেষ কোষৰ চাইবাৰ ইউনিটে এই গোচৰ পঞ্জীয়ণ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।