নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ সন্দৰ্ভত জিংপিঙৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে জৰুৰী সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ চীনত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ আতংক । বৰ্তমান এই ভাইৰাছ চীনৰ লগতে বিশ্বৰ অন্য দেশসমূহলৈও সংক্ৰমিত হৈছে ।

দেশখনত দেখা দিয়া এই ভাইৰাছৰ সন্দৰ্ভত চীনৰ কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ সৈতে দেশখনৰ ৰাষ্ট্ৰপতি চি জিংপিঙে আজি এখন বৈঠকৰ আহ্বান কৰে । তেওঁ এই বৈঠকত কয়- “এই ভাইৰাছ ৰখোৱাটোৱেই এতিয়া আমাৰ প্ৰধান কৰ্তব্য । লগতে সকলোৱে একলগ হৈ বৈজ্ঞানিক পদ্ধতিৰে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰি জয় নিশ্চিত কৰিম ।”

ইপিনে এই বৈঠকতে মহামাৰীবিধৰ ওপৰত কাম কৰিবলৈ এক বিশেষ দল গঠন কৰা হয় । লগতে পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ এটা দলক ভাইৰাছ সংক্ৰমণ হোৱা অঞ্চলসমূহৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰোপৰি এই বৈঠকত ৰাষ্ট্ৰপতিগৰাকীয়ে জোৰ দি বিমান বন্দৰৰ লগতে ৰে’লৱে ষ্টেচনৰ দৰে ঠাইসমূহত ভাইৰাছ বিধৰ সংক্ৰমণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে বিশ্ব স্বাস্থ্য সংস্থাসমূহৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ সৈতে বিভিন্ন তথ্যসমূহৰ আদান প্ৰদান কৰাৰো কথাৰ ওফৰত গুৰুত্ব আৰোপ কৰা হয় । যাতে বিশ্বৰ সকলোকে এই ভাইৰাছৰ পৰা সুৰক্ষা কৰিব পৰা যায় ।

You might also like