নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দেশ, ৪৫০ লেখকঃ ছিমলাত দেশৰ সৰ্ববৃহৎ সাহিত্য মহোৎসৱৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ১১ জুনঃ শিল্প-সাহিত্যৰ সৈতে জড়িত লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰ। দেশৰ সৰ্ববৃহৎ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত। ইয়াত কলা-সাহিত্যৰ সৈতে জড়িত ভাৰতকে ধৰি ১৫খন দেশৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ১৬ জুনৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ নাম দিয়া হৈছে ‘উন্মেশা’। তিনিদিনীয়া এই মহোৎসৱত প্ৰায় ৪৫০ গৰাকী লেখক, সমালোচক, অনুবাদক আৰু শিল্প-সাহিত্যৰ সৈতে জড়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। হিমাচল প্ৰদেশৰ পৰা ৩৫ গৰাকী লেখকেও এই উৎসৱত অংশগ্ৰহণ কৰিব।বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে কিৰণ বেদী, শেহতীয়াকৈ বুকাৰ বঁটা বিজয়ী লেখিকা গীতাঞ্জলি শ্ৰী, গুলজাৰ, প্ৰসুণ যোশী, সোণাল মান সিং, দীপ্তি নৱল, বিশাল ভৰদ্বাজৰ উপৰি কেৰেলা আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল। সাহিত্য অকাডেমী, সংস্কৃতি মন্ত্ৰালয় আৰু হিমাচল প্ৰদেশৰ ভাষা-সংস্কৃতি বিভাগে যৌথভাৱে আয়োজন কৰিছে এই উৎসৱ। এইবাৰ ভাৰত চৰকাৰ আৰু সাহিত্য একাডেমীয়ে সন্মিলিত হৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰিছে এই উৎসৱৰ।

You might also like