নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাবৰ ইণ্ডিয়াৰ “বিদ্যালয় সহযোগ” অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ জুন: শোণিতপুৰৰ ঘোঁৰামাৰীৰ চপাগুৰি নিম্ন বুনিয়াদী বিদ্যালয়ত ঘোঁৰামাৰীস্থিত ডাবৰ ইণ্ডিয়াৰ জীৱন্টী ৱেলফেয়াৰ এণ্ড চেৰিটেবল ষ্ট্ৰাষ্টৰ উদ্যোগত বিদ্যালয় সহযোগ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠান উন্মোচন কৰে ডাবৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ভি পি ( এইচ আৰ আৰু আই আৰ ) পাৰ্থ গাংগুলীয়ে । অনুষ্ঠানত ডাবৰৰ চি এছ আৰ উইংগৰ স্বৰজিচুমা বসুমতাৰী, ডাবৰ ইণ্ডিয়া তেজপুৰৰ ইউনিট হেড আলোক কুমাৰ ডুবে , এইচ আৰ মেনেজাৰ মঞ্জিৎ দাস , ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ্মা বসুমতাৰী, বালিপৰা শিক্ষাখণ্ডৰ সমল ব্যক্তি তপন দাসৰ লগতে ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে ডাবৰ ইণ্ডিয়াই উক্ত বিদ্যালয়খনৰ টিনপাত, ৱাল পেইনটিং, চাৰিসীমাৰ বেৰ, পকী গেট, খেল সুবিধা ইত্যাদি পুনৰ নিৰ্মাণ কৰি সু- ব্যৱস্থা কৰি দিছে ।

প্ৰেৰক :: প্ৰাঞ্জল প্ৰতিম বৰা,বালিপৰা

You might also like