নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পয়গম্বৰ মহম্মদ বিতর্কঃ উত্তৰ প্রদেশ, দিল্লী, মুম্বাই, পশ্চিমবংগ, তেলেংগানা, ৰাঁচীত বিশাল প্রতিবাদ, ঠায়ে ঠায়ে আৰক্ষীৰ সৈতে সংঘাত

প্রতিবাদকাৰী–আৰক্ষী আহত

নিয়মীয়া বাৰ্তা, ১১ জুনঃ  পয়গম্বৰ হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্যৰ প্রতিক্রিয়া দেশজুৰি এতিয়াও শাম কটা নাই৷ শাসকীয় বিজেপিয়ে পয়গম্বৰ মহম্মদক লৈ বিতর্কিত মন্তব্য কৰা বিজেপিৰ মুখপাত্র নূপুৰ শর্মাক নিলম্বন আৰু নেতা নবীন জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰাৰ পাছতো দেশৰ প্রান্তে প্রান্তে প্রতিক্রিয়াই নহয়, প্রতিবাদো অব্যাহত আছে৷ বিজেপিৰ পৰা নিলম্বিত নূপুৰ শর্মাক গ্রেপ্তাৰৰ দাবীত শুকুৰবাৰে দেশৰ বিভিন্ন প্রান্তত বিশাল প্রতিবাদ সাব্যস্ত কৰা হয়৷

পয়গম্বৰ মহম্মদক ইতিকিং কৰা বিতর্কিত মন্তব্যক লৈ দেশৰ প্রান্তে প্রান্তে হোৱা প্রতিবাদৰ সময়ত পশ্চিমবংগত প্রতিবাদকাৰীয়ে আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে ৰাঁচীতো আৰক্ষীৰ ওপৰত আক্রমণ চলায়৷ প্রতিবাদকাৰীয়ে আৰক্ষীৰ বাহন জ্বলোৱাৰ লগতে শিল নিক্ষেপ কৰে৷ একাংশ প্রতিবাদকাৰীয়ে হাওৰাৰ উলুবেৰীয়াত বিজেপিৰ কার্যালয় লণ্ডভণ্ড কৰি অগ্ণিসংযোগ কৰে৷ শুকুৰবৰীয়া নামাজৰ পাছতেই উত্তৰ প্রদেশৰ চাহাৰানপুৰ, প্রয়াগৰাজ, লক্ষ্ণৌ, দেওবন্দ, মোৰাদাবাদ আদি অঞ্চলত বিশাল প্রতিবাদ সাব্যস্ত কৰাৰ লগতে দেশৰ ৰাজধানী দিল্লী, মুম্বাই, তেলেংগানা, ঝাৰখণ্ড আৰু পশ্চিমবংগতো পয়গম্বৰ মহম্মদক লৈ কৰা বিতর্কিত মন্তব্যৰ প্রতিবাদ সাব্যস্ত কৰে৷

শুকুৰবৰীয়া নামাজৰ অন্তত শ শ লোকে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰাৰ সময়তে উত্তৰ প্রদেশৰ কেইবাটাও স্থানত আৰক্ষী আৰু প্রতিবাদকাৰীৰ মাজত সংঘাত হয়৷ প্রতিবাদকাৰীয়ে আৰক্ষীলৈ শিল নিক্ষেপ কৰাত আৰক্ষীৰ লগতে প্রতিবাদকাৰীও আহত হৈছে৷ প্রয়াগৰাজত প্রতিবাদকাৰীয়ে এডিজিৰ বাহন ক্ষতিগ্রস্ত কৰে৷ ৰাজধানী নতুন দিল্লীত জামা মছজিদৰ চৌহদত অসংখ্য লোকে প্রতিবাদ সাব্যস্ত কৰে৷ এই প্রতিবাদত শিশুৱেও অংশগ্রহণ কৰে৷ দিল্লীৰ এই প্রতিবাদক লৈ মছজিদ কর্তৃপক্ষৰ দ্বাৰা কোনো আহ্বান জনোৱা নাই বুলি জামা মছজিদৰ শ্বাহী ইমামে স্পষ্ট কৰি দি এআইএমআইএম তথা ওৱেছিৰ সমর্থকে এই প্রতিবাদ সাব্যস্ত কৰিছে বুলি কয়৷

ইপিনে, উত্তৰ প্রদেশৰ লক্ষ্ণৌ, চাহাৰানপুৰ, প্রয়াগৰাজ, মোৰাদাবাদ, ৰামপুৰত প্রতিবাদকাৰীয়ে শ্লোগান দিয়াৰ লগতে প্রয়াগৰাজৰ আটালা অঞ্চলত শিল নিক্ষেপ কৰে৷ চাহাৰানপুৰত উত্তেজিত প্রতিবাদকাৰীয়ে শিল নিক্ষেপ কৰি পৰিস্থিতি অধিক উত্তেজনাময় কৰাৰ পৰিপ্রেক্ষিতত আৰক্ষীয়ে ২১জন লোকক গ্রেপ্তাৰ কৰিছে৷ ঝাৰখণ্ডৰ ৰাঁচীত হনুমান মন্দিৰৰ সন্মুখত নূপুৰ শর্মাক গ্রেপ্তাৰৰ দাবী কৰা প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলাওঁতে প্রতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে৷ প্রতিবাদকাৰীৰ এই শিল নিক্ষেপৰ ফলত কেইবাজনো আৰক্ষী জোৱান আহত হৈছে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে শূন্যলৈ গুলী চলাবলগীয়া হয়৷ পৰিস্থিতি অধিক অৱনতি ঘটাত ৰাঁচীৰ বিভিন্ন প্রান্তত সান্ধ্য আইন জাৰি কৰা হৈছে৷

ইপিনে, পশ্চিমবংগৰ হাওৰাতো নূপুৰ শর্মা আৰু নবীন জিন্দালক গ্রেপ্তাৰৰ দাবীত কেইবাসহস্র লোকে বিশাল প্রতিবাদ সাব্যস্ত কৰে৷ তেনেদৰে তেলেংগানাৰ মক্কা মছজিদৰ বাহিৰত শুকুৰবৰীয়া নামাজৰ অন্তত কেইবাশ লোকে প্রতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে নিৰাপত্তাৰক্ষীয়ে প্রতিবাদকাৰীসকলক্ সমৱেত হ’বলৈ নিদি প্রতিবাদকাৰীয়ে উত্তেজিত ৰূপ লোৱাৰ পূর্বেই নিয়ন্ত্রণ কৰে৷ অঞ্চলটোত অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ ইপিনে, মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাইৰ বিভিন্ন প্রান্তত নূপুৰ শর্মা আৰু নবীন জিন্দালক গ্রেপ্তাৰৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে৷ জন্মু–কাশ্মীৰৰ শ্রীনগৰকে ধৰি হাৰিয়ানাৰ লুধিয়ানা, হাইদৰাবাদৰ চাৰমিনাৰৰ সন্মুখতো অসংখ্য লোকে প্রতিবাদ সাব্যস্ত কৰে৷ গুজৰাটৰ আহমেদাবাদতো নূপুৰ শর্মাক গ্রেপ্তাৰৰ দাবীত ৰাজপথলৈ ওলাই আহে কেইবাশ লোক৷ জম্মু–কাশ্মীৰৰ কাশ্মীৰ উপত্যকাৰ ডোডা, ভাডেৰৱা আৰু কিচটৱাৰকে ধৰি কেইবাটাও অঞ্চলত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ শ্রীনগৰৰ স্পর্শকাতৰ অঞ্চলসমূহত আইন–শৃংখলাজনিত পৰিস্থিতি যাতে উত্তপ্ত হৈ নুঠে, তাৰ প্রতি লক্ষ্য ৰাখি অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷

ইপিনে এইপৰ্যন্ত হিংসাত্মক ঘটনাত ৰাঁচীত ২ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

You might also like