নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ মন কি বাতত উজ্জলিল ডেভিদ বেকহাম পিছে কোন এই ডেভিদ

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ গণতন্ত্ৰ দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে মন কী বাতৰ জৰিয়েত দেশবাসীক সম্বোধন কৰিলে। মন কি বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে খেলো ইণ্ডিয়া সফল ভাৱে আয়োজন কৰাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।
লগতে কয় যে খেলো ইণ্ডিয়া গেমছত কেইবাখনো ৰাজ্যৰ ৬ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। য’ত প্ৰায় ৮০ টা অভিলেখ ভংগ হয়। য’ত ৫৬ টা অভিলেখ ভংগ কৰে আমাৰ কন্যা সকলে। প্ৰধামন্ত্ৰী গৰাকীয়ে লগতে কয় যে অহা মাহৰ ২২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ উড়িষ্যাৰ কটক আৰু ভূৱনেশ্বৰত প্ৰথম খেলো বিশ্ববিদ্যালয় গেমছ আয়োজন কৰা হৈছে। ইয়াত প্ৰায় ৩ হাজাৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে।

মন কি বাতত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে যেতিয়া মই যেতিয়া ডেভিদ বেকহামৰ নাম লম তেতিয়া আপোনালোকে ক’ব সেইজন আন্তৰ্জাতিক ফুটবলাৰ। কিন্তু এতিয়া আমাৰ লগতো ডেভিদ বেকহাম আছে যি গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো গেমছত সোণৰ পদক লাভ কৰিছিল। ডেভিদে চাইকেলিঙত ২০০ মিটাৰত সোণৰ পদক লাভ কৰিছিল। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে যেতিয়া মই আন্দমান আৰু নিকোবৰ গৈছিলো, তেতিয়া মই গম পালো ডেভিদৰ পিতৃ-মাতৃৰ বিয়োগ ঘটিছিল। ডেভিদৰ খুড়াকে ডেভিদক ফুটবলাৰ বনাব বিচাৰিছিল। যাৰ বাবে তাৰ নাম ডেভিদ ৰাখিছিল। কিন্তু ডেভিদৰ মন চাইকেলিংতহে আছিল।

আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে মন কি বাত গুৱাহাটীৰ চাফাই কৰ্মীৰ পূৰ্ণিমা মণ্ডলৰ নাম উল্লেখ কৰে। পূৰ্ণিমা এগৰাকী চাফাই কৰ্মী হিচাপে । প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্ণিমাৰ ছোৱালীয়ে ফুটবল খেলত উন্নত প্ৰদৰ্শন কৰিছিল, লগতে পূৰ্ণিমাৰ পুত্ৰ সুজীতে খো-খো আৰু দ্বিতীয়জন পুত্ৰ প্ৰদীপে হকীত প্ৰদীপে অসমত প্ৰতিনিধিত্ব কৰিছিল। যিটো আমাৰ কাৰণে গৰ্বৰ কথা।

You might also like