হোজাইত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা সাহিত্য সভাৰ
নিয়মীয়া বার্তা, ১২ জুন:- আজি হোজাই শাখা সাহিত্য সভাৰ উদ্যোগত হোজাইৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত কৃতি শিক্ষাৰ্থী সকলক সম্বৰ্ধনাৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা ১৬৭ জন কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।শতদল শাখাটোৰ নৱনিৰ্বাচিত সভাপতি দয়াল ক্ৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ সকলৰ লগতে লগতে চলিত বৰ্ষৰ আইনৰ স্নাতক আৰু বাণিজ্য শাখাৰ স্নাতকোত্তৰ পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা বিদ্যাৰ্থী যথাক্ৰমে নিখিল মুন্দ্ৰা আৰু সিদ্ধাৰ্থ দাসক গামোচা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । হাইস্কুল শিক্ষান্ত পৰীক্ষাত কীৰ্তি শিক্ষাৰ্থী সকলক গামোচা মানপত্ৰ আৰু একোটাকৈ গছৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয় । জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে পৰিচালনা কৰা উক্ত অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তী, তপন কৰ, লক্ষণ পাটগিৰীৰ লগতে হোজাইৰ বিভিন্ন বিদ্যালয়ৰ মূৰব্বী সকল উপস্থিত থাকে ।
প্ৰেৰক কিশলয় দেৱগোস্বামী