যুদ্ধৰ পৰা কিছু সময়ৰ বিৰতি লৈ বিবাহত বহিল দুযোৰ প্ৰেমাস্পদ, দৰা-কইনাই পিন্ধিলে সামৰিক পোছাক
বিশেষ বাৰ্তা, ১৩ জুনঃ ইউক্ৰেইনৰ সেনাই পূবত ফ্ৰণ্টলাইন যুদ্ধ কৰি থকাৰ সময়তে কিছু পৰৰ বাবে বিৰতি লৈ দেওবাৰে দুখন বিবাহ অনুষ্ঠিত হয়। বিয়াৰ দৰা-কইনাৰ পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিবাহৰ দিনা এগৰাকী কইনাই পিন্ধিছে যুদ্ধক্ষেত্ৰলৈ যাব ওলোৱা সামৰিক পোছাক। মাত্ৰ কেইমাহমান আগতে সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত লগ পোৱা দুগৰাকীয়ে ইউক্ৰেইনৰ বাহিনীয়ে ৰুছ সেনাৰ সৈতে যুঁজি থকা ফ্ৰণ্টলাইন জ’নৰ পৰা ৪০ কিলোমিটাৰ দূৰত থকা সৰু চহৰ ড্ৰুজকিভকাত একেলগে বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰে এগৰাকী কইনা ২৩ বছৰীয়া খ্ৰিষ্টিনা লিউটাই ব্যক্তিগত প্ৰথম শ্ৰেণী পৰ্যায়ৰ ঠিকাভিত্তিক সৈনিকে কেমফ্লেজ ট্ৰাউজাৰ আৰু সেনাৰ বুট পিন্ধিছিল আৰু ফুলৰ সৈতে এম্ব্ৰয়ডাৰী কৰা পৰম্পৰাগত ৰঙা ইউক্ৰেইনীয় ব্লাউজ পিন্ধিছিল। তেওঁ কয় যে- এই ইউনিফৰ্মত মই অভ্যস্ত হৈ পৰিছো।’ মাত্ৰ দুমাহ পূৰ্বে স্বামী ভল’ডিমিৰ মাইখালচুকক লগ পাইছিল। দক্ষিণ-পশ্চিম ভিনিটস্কা অঞ্চলতে ইজনে সিজনৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত বাস কৰে যদিও যুদ্ধ নহ’লে হয়তো কেতিয়াও লগ নাপালেহেঁতেন তেওঁলোকে। চিগনেল কৰ্পছত কাম কৰা আনগৰাকী কইনা ক্ৰিষ্টিনা (২৩)য়ে ৰঙা লোক এম্ব্ৰয়ডাৰীৰে পৰম্পৰাগত দীঘল বগা পোছাক পিন্ধি ভিটালি অৰলিচৰ সৈতে বিবাহত বহে। দুয়োজন দৰায়ো পিন্ধিছিল সৈনিকৰ ফোছাক। বিবাহৰ পাছতে সিদিনাই যুদ্ধক্ষেত্ৰত সেৱা আগবঢ়াবলৈ উভতি অহাৰ কথা আছিল দম্পতীহালৰ। দুয়োটা দম্পতীৰ পৰিয়াল উপস্থিত নাছিল যদিও তেওঁলোকে কয় যে আত্মীয়ই বুজি পাব কথাবোৰ। যুদ্ধৰ বাবে বন্ধ হৈ পৰা এটা পঞ্জীয়ন কাৰ্যালয়ৰ সন্মুখতে যুৱ দম্পতীহালে বিবাহপাশত আবদ্ধ হয়।