নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুৰ ৰেভ পাৰ্টিৰ পৰা আটক শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰ

নিয়মীয়া বাৰ্তা, ১৩ জুন: বলীউডত পুনৰ ড্ৰাগছৰ সংযোজন। আৰিয়ান খানৰ পিছত এইবাৰ ড্ৰাগছৰ অভিযোগত আটক হ’ল শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্ত কাপুৰ। জানিব পৰা মতে, দেওবাৰে নিশা বেংগালুৰুত অনুষ্ঠিত ৰেভ পাৰ্টিৰ পৰা সিদ্ধান্ত কাপুৰক আটক কৰা হয়। এটা ৰেভ পাৰ্টিত আৰক্ষীয়ে চলোৱা অভিযানত সিদ্ধান্ত ধৰা পৰে আৰক্ষীৰ জালত ৷

উল্লেখ্য যে বলীউডৰ জনপ্ৰিয় খলনায়ক শক্তি কাপুৰ। তেওঁৰ পুত্ৰ সিদ্ধান্তই ভগ্নী শ্ৰদ্ধাৰ দৰে গ্লেমাৰ জগতত বিশেষ সফলতা লাভ কৰা নাই যদিও সিদ্ধান্তই এতিয়ালৈকে কেইবাখনো চিনেমা, ৱেব ছিৰিজ আৰু মিউজিক ভিডিঅ’ত অভিনয় কৰিছে। ১৯৯৭ চনত ছলমান খানৰ অভিনীত ছবি ‘জুদুয়া’ত শিশু শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল সিদ্ধান্তই। পিছলৈ তেওঁ ‘শ্বুটআউট এট ৱাডালা’ ছবিখনৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। তেতিয়াৰ পৰাই তেওঁ ‘জাজবা’, ‘হাছিনা পাৰ্কাৰ’, ‘চেহৰে’ আদি চিনেমাত অভিনয় কৰি আহিছে। ‘ভ’কেল’ ছিৰিজত চিণ্টুৰ ভূমিকাটো দেখা গৈছিল সিদ্ধান্তক।

You might also like