নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সভাপতিত্বত দুলীয়াজানত ডিব্ৰুগড় জিলা টাইকোৱানডো সন্থাৰ কাৰ্যনিৰ্বাহক সভা

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ  দুলীয়াজান ৰ’টাৰী কমিউনিটি হলত ডিব্ৰুগড় জিলা টাইকোৱানডো সন্থাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় জিলা টাইকোৱানডো সন্থাৰ সভাপতি তথা লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত আগন্তুক দিনত জিলা টাইকোৱানডো সন্থাই গ্ৰহণ কৰিবলগীয়া বিভিন্ন কৰ্মপন্থা সন্দৰ্ভত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ অহা ২১ৰ পৰা ২৩ জুলাইত তিনিদিনীয়াকৈ দুলীয়াজানত সদৌ অসম টাইকোৱানডো সন্থাৰ অন্তৰ্গত পূব মণ্ডল ভিত্তিত ছাব জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ টাইকোৱানডো চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে সভাই । দুলীয়াজান কমলাবাৰীত অৱস্থিত জিলা টাইকোৱানডো সন্থাৰ অৰ্ধনিৰ্মিত ইনড’ৰ ষ্টেডিয়ামখন‌ চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভিতৰত সৰ্বাঙ্গসুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লয়। ইয়াৰ উপৰিও জিলা টাইকোৱানডো সন্থাৰ অন্তৰ্গত প্ৰতিটো টাইকোৱানডো ক্লাবৰ অধীনৰ যিসকল খেলুৱৈ আছে সেই সকলক একোখনকৈ পৰিচয় পত্ৰ অহা এমাহৰ ভিতৰত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যিসকল উদীয়মান খেলুৱৈয়ে শেহতীয়াকৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত টাইকোৱানডো চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে সেইসকল খেলুৱৈক দুলীয়াজানত অনুষ্ঠিত হব লগা পূব মণ্ডল চেম্পিয়নশ্বিপত মানপত্ৰ আৰু ‌নগদ ধনেৰে পুৰস্কৃত ‌কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক সভাতেই সভাপতি ঋতুপৰ্ণ বৰুৱাই জিলা টাইকোৱানডো সন্থালৈ খেলুৱৈ সকলৰ সুবিধা হোৱাকৈ এখন চিন্থেটিক মেট আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই কাৰ্যনিৰ্বাহক সভাৰ পিছতেই ডিব্ৰুগড় জিলা টাইকোৱানডো সন্থাৰ অন্তৰ্গত বিভিন্ন  ক্লাবসমূহৰ প্ৰশিক্ষক সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকতে প্ৰশিক্ষকসকলে বিগত সময়ত সন্মূখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু সমস্যাসমূহ পৰ্যায় ক্ৰমে সমাধানৰ বাবে জিলা সন্থাই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। আগন্তুক দিনত জিলা টাইকোৱানডো সন্থাৰ অন্তৰ্গত প্ৰতিটো ক্লাৱৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ যোগসূত্ৰ ৰক্ষা কৰি চলিবৰ বাবে এখন ছজনীয়া কাৰিকৰী অভিজ্ঞতাসম্পন্ন সমিতি গঠন কৰাৰ প্ৰস্তাৱো লোৱা হয়। সভাত জিলা টাইকোৱানডো সন্থাৰ সভাপতি ঋতুপৰ্ণ বৰুৱাৰ উপৰি কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে পংকজ গোস্বামী, আদিত্য গোস্বামী, উপসভাপতিদ্বয় ক্ৰমে দেৱ সোণোৱাল আৰু হেমন্ত কোঁৱৰ, সাধাৰণ সম্পাদক অনন্ত গগৈ, যুটীয়া সম্পাদক ক্ৰমে যতীন গগৈ আৰু নিৰঞ্জন গগৈ, কোষাধ্যক্ষ যশপাল সিং, সাংগঠনিক সম্পাদক দিগন্ত দিহিঙ্গীয়াকে ধৰি জিলা টাইকোৱানডো সন্থাৰ  বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like