নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আংশিক বানৰ কৱলত; মৃত্যু ৪ বন্যপ্ৰাণী

নিয়মীয়া বার্তা,১৮ জুন: বছৰটোৰ প্ৰথমটো বানৰ কৱলত পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। উদ্যানৰ সাত শতাংশ অঞ্চল জলমগ্ন বাঢ়নী পানীত। উদ্যানৰ ২২৩ বনশিবিৰ ভিতৰত ১৪ টা বন শিবিৰ জলমগ্ন। অগৰাতলী বনাঞ্চলৰ তিনিটা,কহঁৰা বনাঞ্চলৰ দুটা,বাগৰী বনাঞ্চলৰ তিনিটা,বুঢ়াপাহাৰ বনাঞ্চলৰ এটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু বিশ্বনাথ বন সংমণ্ডলৰ তিনিটা বন শিবিৰ জলমগ্ন ৷

বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীকেম্প,অগৰাতলী বনাঞ্চলৰ চহলা,মোৱামাৰী,মাক্ৰুম বন শিবিৰৰ তলেদি বাগৰিছে পানী ৷কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত তীব্ৰ বেগী বাহনৰ খুন্দাত বৰ্তমানলৈকে নিহত হোৱা বন্য জন্তুৰ সংখ্যা চাৰিটা ৷ ইয়াৰে তিনিটা হৰিণা আৰু এটা নাহৰফুটুকী ৷ এই তথ্য প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।

তদুপৰি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি কাজিৰঙাত থকা ১৪৪ টা হাইলেণ্ডে বানৰ সময়ত বন্যজন্তুৱে ব্যৱহাৰ কৰিব পাৰিব ৷ ইয়াৰোপৰি টাইম কাৰ্ডৰ ব্যৱস্থা অতি সোনকালে আৰম্ভ কৰাৰ উপৰিও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনে নিশাই কৰ্তব্যত নিয়োজিত কৰা হৈছে অতিৰিক্ত ভাৱে অনা ৭০ জন বন সুৰক্ষা কৰ্মীক ৷ এইসকল বনকৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথত চলাচল কৰা যান বাহনৰ উপৰিও কাৰ্বি পাহাৰলৈ যাত্ৰা কৰা বন্যজীৱকুলৰ ওপৰত ২৪ ঘণ্টাই চকু ৰাখিৱ বুলি মত প্ৰকাশ উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈৰ ৷ তদুপৰি কাৰ্বিপাহাৰত বন্যজন্তুৰ সুৰক্ষাৰ বাবে কাৰ্বি আংলং আৰক্ষী আৰু বন বিভাগৰ সৈতে আলোচনা কৰি যুটীয়া ভাৱে সেৱা আগবঢ়াব উদ্যান কৰ্তৃপক্ষই ৷

You might also like