নিয়মীয়া বাৰ্তা, ১৮ জুন: তেওঁৰ আশীর্বাদেৰেই আহিছে সাফল্য। প্ৰধানমন্ত্ৰীৰ কাষত তেওঁ থকাৰ বাবেই জীৱনৰ বহু কঠিন পথো অতিক্ৰম কৰিছে অনায়াসে। তেওঁৱে হীৰাবেন। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ। ১৮ জুন দিনটো মোদীৰ বাবে অতি বিশেষ। কাৰণ তেওঁৰ মাতৃ হীৰাবেনৰ আজি ১০০ সংখ্যক জন্মদিন।
শনিবাৰে পুৱাই গুজৰাটৰ গান্ধীনগৰস্থিত মাতৃ হীৰাবেনৰ ঘৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁৰ ১০০ তম জন্মদিনত তেওঁ মাকৰ সৈতে অতিবাহিত কৰা বিশেষ মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। য’ত তেওঁক দেখা গৈছে মাতৃ হীৰাবেনৰ ভৰি ধুই আছে আৰু মাতৃৰ পৰা আশীৰ্বাদ লৈছে।
উল্লেখ্য যে যে মোদীৰ মাতৃ তেওঁৰ সৰু পুত্ৰৰ সৈতে থাকে। প্ৰধানমন্ত্ৰী মোদীয়ে ১৮জুনত তেওঁৰ জন্মদিন উপলক্ষে প্ৰতিবাৰেই তেওঁৰ মাতৃক লগ কৰিবলৈ আহে।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্লগত তেওঁৰ মাতৃ হীৰাবেনৰ জীৱনৰ সৈতে সম্পৰ্কিত সকলো অভিজ্ঞতা এইদৰে লিখিছে-
মা, এয়া কেৱল এটা শব্দ নহয়। এয়া হৈছে জীৱনৰ অনুভৱ য’ত স্নেহ, ধৈৰ্য্য, বিশ্বাস, আৰু কিমান কি যে এই শব্দটোত সোমাই থাকে। পৃথিৱীৰ যি কোণতেই নহওঁক কিয়, যি দেশতেই নহওঁক কিয়, প্ৰতিটো শিশুৰ মনত আটাইতকৈ মূল্যৱান স্নেহ হৈছে মাতৃৰ প্ৰতি। মায়ে কেৱল আমাৰ শৰীৰ গঢ়ি তোলাই নহয়, আমাৰ মন, আমাৰ ব্যক্তিত্ব, আমাৰ আত্মবিশ্বাসো তেওঁ গঢ়ি তোলে। আৰু সন্তানৰ বাবে এনে কৰোতে, নিজকে তাতে সঁপি দিয়ে, নিজকে পাহৰি যায়।
আজি মই মোৰ সুখ, মোৰ সৌভাগ্য, আপোনালোক সকলোৰে সৈতে ভাগ-বতৰা কৰিব বিচাৰো। মোৰ মা হীৰাবায়ে আজি ১৮ জুনত শততম বৰ্ষত প্ৰৱেশ কৰিছে। অৰ্থাৎ তেওঁৰ জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে। যদি আজি দেউতা থাকিলহেঁতেন, তেওঁ যোৱা সপ্তাহত শততম বৰ্ষ সম্পূৰ্ণ কৰিলেহেঁতেন। অৰ্থাৎ, ২০২২ বৰ্ষত মোৰ মাতৃৰ জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে আৰু মোৰ দেউতাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ সম্পূৰ্ণ হৈছে।
যোৱা সপ্তাহত মোৰ ভতিজাই গান্ধীনগৰৰ পৰা মাৰ কিছু ভিডিঅ’ প্ৰেৰণ কৰিছিল। ঘৰলৈ চুবুৰীয়াৰ কিছুমান ডেকা ল’ৰা আহিছে, দেউতাকৰ ফটো চকীত ৰখা হৈছে, ভজন কীৰ্তন চলি আছে আৰু মায়ে মগ্ন হৈ ভজন গাই আছে, মঞ্জিৰা বজাই আছে। মোৰ মা আজিও একেই আছে। শৰীৰৰ শক্তি হ্ৰাস হ’ব পাৰে, কিন্তু মনৰ শক্তি এতিয়াও অটুট আছে।
অৱশ্যে আমাৰ ইয়াত জন্মদিন উদযাপন কৰাৰ কোনো পৰম্পৰা নাই। কিন্তু পৰিয়ালটোৰ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী কেইটিয়ে এইবাৰ পিতৃৰ জন্ম শতবাৰ্ষিকীত ১০০ টা গছপুলি ৰোপণ কৰিছে।
Maa…this isn’t a mere word but it captures a range of emotions. Today, 18th June is the day my Mother Heeraba enters her 100th year. On this special day, I have penned a few thoughts expressing joy and gratitude. https://t.co/KnhBmUp2se
— Narendra Modi (@narendramodi) June 18, 2022