নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাছাসকলৰ বিচু ডিমা উৎসৱ পালন

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ অসমৰ অন্যতম পাৰ্বত্য জনগোষ্ঠী তথা ভূমিপুত্ৰ ডিমাচাসকল। অসমকে ধৰি উত্তৰ পূৱৰ বিভিন্ন প্ৰান্তত ডিমাচাসকলে বাস কৰি আহিছে। ডিমাচাসকলৰ বৃহৎ উৎসৱ হৈছে বিচু ডিমা। কৃষি ভিত্তিক উৎসৱটো ঠাই বিশেষে এদিনীয়া, তিনিদিনীয়া অথবা সপ্তাহজুৰি পালন কৰা হয়। ডিমাচা বসতি প্ৰধান প্ৰতিখন গাওঁতে ২৭ জানুৱাৰীৰ পৰা পালন কৰা হয় বিচু ডিমা। কাৰ্বি আংলঙৰ ডিফুতো অতি উলহ-মালহেৰে পালন কৰা হয়।‌ সোমবাৰে ডিফুৰ ডিমাছা ক্লাবত আয়োজন কৰা কাৰ্যসূচীত পুৱাৰে পৰা নিশা দুপৰলৈকে সকলোৱে উছৱৰ আনন্দ লোৱা দেখা যায়। পুৱাৰে পৰা বিভিন্ন মাংগলিক কাম-কাজ সম্পন্ন কৰি নৃত্য-গীতৰ আনন্দ লোৱা হয়। বিভিন্ন খেল-ধেমালিৰ অন্তত পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু থলুৱা সুৰা ‘জুডি’ৰে সকলোকে অপ্যায়ন কৰা হয়। গোটেই নিশাজুৰি উছৱৰ আনন্দ উপভোগ কৰে সকলোৱে।

You might also like