নগাঁৱত সূত্ৰধাৰৰ উদ্যোগত কালাৰিপায়াট্ট কৰ্মশালা
নিয়মীয়া বার্তা, ২৬ জুনঃ ভাৰতবৰ্ষৰ এটি প্রাচীন সমৰ কলা মাধ্যম কালাৰিপায়াট্টু। ২৪ জুনৰ পৰা ২৬ জুনলৈকে এই কালাৰিপায়াটুৰ প্ৰশিক্ষণৰ তিনিদিনীয়া এক কর্মশালা অনুষ্ঠিত হয় নগাঁৱৰ অগ্ৰণী পৰিবেশ্য কলাৰ প্ৰশিক্ষণৰ প্ৰতিষ্ঠান সূত্ৰধাৰত। পুৱা ১০ বজাৰ পৰা বিয়লি ৬ বজালৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ উদ্দেশ্য হ’ল নৃত্য-নাট্যত সমৰ কলাৰ প্ৰয়োগ। এই কৰ্মশালাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে কলকাতাৰ কালাৰিপায়াট্টু বিশেষজ্ঞ কাজল হাজৰা। এই কৰ্মশালাটি জ্যেষ্ঠ আৰু কনিষ্ঠ দুটা শাখাত অনুষ্ঠিত হয়। দুয়োটা শাখাতে মুঠ ৫০ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে। কৰ্মশালাৰ শেষত সকলো প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে সূত্ৰধাৰৰ উদ্যোগত প্ৰায় এমহীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰা হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য হ’ল – সাধু কোৱা, মুখা বনোৱা, নাটক, সত্ৰীয়া নৃত্য, সংগীত, বাদ্য ইত্যাদি। এই সকলোতে সমল ব্যক্তি হিচাবে উপস্থিত থাকিব মণিপুৰৰ নিনগমবাম যদুমণি সিং, গোবিন্দ শইকীয়া, কৃষ্ণ গোস্বামী, হৰিচৰণ বৰা বৰবায়ন, কৃষ্ণ যদুমণিকে প্ৰমুখ্য কৰি অন্য ব্যক্তিসকল। এই কৰ্মশালাৰ লগত সংগতি ৰাখি অহা ১০ জুলাইত নগাঁও জিলা পুথিভড়াল প্ৰেক্ষাগৃহত এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি উদ্যোক্তা তথা শিল্পী গৌৰৱ কুমাৰ হাজৰিকাই কামনা কৰিছে।