নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ জামলাই-কল্যাণপুৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বার্তা, ২৬ জুনঃ চৰকাৰে গৃহহীন দুখীয়া ৰাইজলৈ বিনামূলীয়া গৃহৰ সুবিধা দিছে যদিও একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰী গৃহৰ নামত ব্যাপক দুৰ্নীতিৰ কৰাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি নগৰবেৰাৰ জামলাই-কল্যাণপুৰ দুখীয়া হিতাধিকাৰীক বঞ্চিত কৰি গৃহ আৱণ্টন দিছে চাকৰিয়াল কিম্বা অভিজাত লোককহে। ফলত ব্ঞ্চিত দুখীয়া হিতাধিকাৰীয়ে এই ব্যাপক দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবীত আজি সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। অভিযোগ মৰ্মে পঞ্চায়তৰ সভাপতি আৰু এগৰ ৱাৰ্ড সদস্যই মিলি চলাইছে এই লুণ্ঠনৰাজ । আনহাতে দুয়ো মিলি ঘৰৰ নামত একৰ পৰা দুই-তিনি হাজাৰকৈ আদায় লোৱা বুলিও অভিযোগ।

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

You might also like