নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ জোৱাই আৰু অযোধ্যা  চাপৰিত গড়ৰৰ মুক্ত বিচৰণ

নিয়মীয়া বার্তা, ২৬ জুনঃ মাজুলীৰ প্ৰায় ৩৬ টা কৈ চৰচাপৰি ভিতৰত প্ৰায় ১৫ টা মান চাপৰিত হে কম বেছি পৰিমানে মানুহে বসবাস কৰি আছে আন বাকী কিইটা চাপৰিত আজিৰ তাৰিখত বনৰীয়া হাতী গড়ৰৰ মুক্ত বিচৰণে জনবসতিপূৰ্ণ চাপৰি সমূহৈও শংকা নমাই আনিছে ৷ বৰ্তমান ভৰ বাৰিষা এই কেইটা দিনত চাপৰিত বসবাস কৰা মানুহৰ বাবে অতি স্পৰ্শকাটৰ সময় এফালে বানপানী আনফালে বনৰীয়া জীৱজন্তুৰ অত্যাচাৰত বিপন্ন চাপৰিবাসীৰ জীৱন ৷
উল্লেখ্য যে বৰ্তমান উজনি মাজুলীৰ বনৰীয়া , লাচন ,কুমলীয়া , গেজিং, ধনাই , মেড়াগড় , কলনীবাৰী , শালমৰা, ৰতনপুৰ আদি চাপৰিত ৭০ জনীয়া এটা বনৰীয়া হাতীৰ এটা দলে বিচৰণ কৰি থকাৰ বাবে এই চৰচাপৰি সমুহত বিচৰণ কৰা লোক সকলে জীৱনৰ তাৰনাত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈ আহিছে ৷ এই বৃহৎ হাতীৰ জাকিটোক সুৰক্ষা দিয়াৰ লগতে চাপৰি বাসীক সুৰক্ষা দিয়াৰ স্বাৰ্থত  মাজুলীৰ বনবিভাগৰ এটা দলে দিনে নিশাই সমানেই পহৰা দিব লগা হৈ আহিছে ৷ ইয়াৰ বিপৰিতে নামনি  মাজুলীৰ জোঁৱাই চাপৰি, অযোধ্যা চাপৰিত গঁড়ৰ মুক্ত বিচৰণে নামনি মাজুলীৰ চাপৰিবাসীয়ে আতংকৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে ৷ আনহাতে আজি প্ৰায় এটা মাহ  গঁড় সুৰক্ষা দায়িত্বত জোৱাই চাপৰিত  থকা বন কৰ্মীৰ এটা দল এতিয়া   তীব্ৰ খাদ্য সংকটত ভোগাৰ খবৰ আহিছে ৷ অতি দুৰ্গম চাপৰিত একেৰাহে তিনিজন বনকর্মী ক্ৰমে   মুকুট হাজৰিকা, সীমান্ত দাস, নিপেন নামৰ এজন বনকর্মী এই জয়াল চাপৰিটোত প্ৰায় এমাহ ধৰি গঁড়ৰ সুৰক্ষাতৰ দায়িত্বত আছে।
সমস্যাত পৰিছে নিজৰ দায়িত্ব পালনত বনকর্মী সকল। সমিত সংখ্যক বনকৰ্মীৰে চলিছে মাজুলীৰ বন বিভাগ , তাতে আও পুৰনী হাতী আৰু গড়ক ভয় দেখোৱা বন্দুক তাৰ মাজতেই খাদ্য সংকত বনকৰ্মীৰ  ৷ জোৱাই চাপৰিত এমাহে বন্দি হৈ থকা এই বনকৰ্মী সকল পাৰহৈ যাবলৈ মাজত সুঁতি , তাতে বৰ্তমান বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ পানী ৷ এই দৰেই জীৱন অতিবাহিত কৰি গড় সুৰক্ষাত ব্যস্ত মাজুলীৰ বনকৰ্মী ৷
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড 
You might also like