২০২০ৰ শেষলৈ ১ লাখ ভূমিহীন পৰিয়ালক প্ৰদান কৰা হ’ব ভূমি পট্টাঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ভূমিহীন পৰিয়ালক প্ৰদান কৰা হ'ব ভূমি পট্টা
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ৰাজ্যৰ ১ লাখ ভূমিহীন পৰিয়ালক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ভূমি পট্টা। পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসৰ দিনা কেইবাটাও পৰিয়ালক ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২০ৰ শেষলৈ এই ১লাখ পৰিয়ালক ভূমি পট্টা দি শেষ কৰা হ’ব। আনহাতে মাজুলীত ৪,৫১৩টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সভাত মন্ত্ৰী ড০ শৰ্মাই কয় যে অসমৰ ভূমি পুত্ৰ সকলৰ ভূমি অধিকাৰ প্ৰদান কৰা হ’ব। আমাৰ ৰাজ্যত বিভিন্ন ধৰণৰ মাটি আছে, চৰকাৰী মাটিৰ শ্ৰেণীভুক্ত লোকো আমাৰ মাজত আছে, কিন্তু ভূমিৰ ম্যাদী পট্টা নথকাৰ বাবে তেওঁলোকে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই সমস্যাৰ পৰা সমাধান পাব এই সকল লোক।
অসম চুক্তিৰ ৬নং দফাৰ বাবে গঠিত কমিটীৰ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰি চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদনৰ পাছত যিসকলক খিলঞ্জীয়া বুলি ধৰা হ’ব সেইসকলকহে মাটিৰ অধিকাৰ দিয়াৰ বাবেহে আইনৰ বাবে সাজু বুলি মন্তব্য কৰে মন্ত্ৰী ডদ হিমন্ত বিশ্ব শৰ্মাই।