নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ প্রাণচঞ্চল হ’ব বর্ষাপাৰাঃ দুর্গাপূজাৰ সময়তে গুৱাহাটীত ভাৰত–দক্ষিণ আফ্রিকাৰ টি–২০

নিয়মীয়া বাৰ্তা, ২৩ জুলাই:  দুর্গাপূজাৰ উলহ–মালহৰ মাজতে প্রাণচঞ্চল হ’ব গুৱাহাটীৰ বর্ষাপাৰাস্থিত ড০ ভূপেন হাজৰিকা ক্রিকেট ষ্টেডিয়াম৷ যষ্ঠীত দেৱী দুর্গাক বেদীত প্রতিষ্ঠা কৰাৰ দিনাই ভ্রমণকাৰী দক্ষিণ আফ্রিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’ব টি–২০ শৃংখলাৰ দ্বিতীয়খন মেচ৷ তিনিখনীয়া টি–২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ ভ্যেনু ৰূপে গুৱাহাটী নির্বাচিত কৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে৷ দক্ষিণ আফ্রিকা দলটোৱে প্রথমখন মেচ ত্রিবান্দ্রমত, দ্বিতীয়খন মেচ গুৱাহাটীত আৰু তৃতীয়খন মেচত ভাৰতৰ বিপক্ষে অৱতীর্ণ হ’ব ইন্দোৰত৷ উল্লেখ্য যে সুদীর্ঘ কাল ধৰি অসমত আন্তর্জাতিক ক্রিকেটৰ একমাত্র স্থান আছিল গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম৷ বিশ্বৰ বহু নামী–দামী দলেও নেহৰু ষ্টেডিয়ামৰ সেউজ গ্রাউণ্ডত পদচিহ্ণ ৰাখি থৈ যোৱাৰ পাছত অসম ক্রিকেট সন্থাই নির্মাণ কৰা বর্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ষ্টেডিয়ামলৈ স্থানান্তৰিত হয় ক্রিকেট ভ্যেনু৷ ২০১৭ চনৰ ১০ অক্টোবৰত উদ্বোধন কৰা এইখন ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত প্রথমখন আন্তর্জাতিক টি–২০ ক্রিকেট মেচ অনুষ্ঠিত হয়৷ এইখন মেচৰ জৰিয়তে ভাৰতৰ ৪৯সংখ্যক আন্তর্জাতিক ক্রিকেট গ্রাউণ্ড ৰূপে পৰিগণিত হয় বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম৷

প্রায় ২৩শ কোটি টকা ব্যয়েৰে নির্মাণ কৰা ষ্টেডিয়ামখনত এই পর্যন্ত মাত্র এখন এদিনীয়া ক্রিকেট মেচ অনুষ্ঠিত হৈছে৷ ২০১৮ চনৰ ২১ অক্টোবৰত অনুষ্ঠিত এইখন মেচত মুখামুখি হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজ৷ তদুপৰি ইয়াত খেলোৱা হৈছে চাৰিখন টি–২০ ক্রিকেট মেচ৷ ইয়াৰে দুখন মহিলা টি–২০ আন্তর্জাতিক মেচ৷ ২০১৯ চনৰ ৪ আৰু ৯ মার্চত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্রিকেট দলৰ মাজত এই মেচ দুখন অনুষ্ঠিত হৈছিল৷ আনহাতে, ভাৰত–ষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত প্রথমখন টি–২০ ৰ পাছত শ্রীলংকাৰ বিৰুদ্ধে ২০২০ চনৰ ৫ জানুৱাৰীত ভাৰত আৰু শ্রীলংকাৰ মাজত মেচখন বৰষুণৰ বাবে খেলিব পৰা নহ’ল৷ ক’ভিডৰ বাবে বিগত দুবছৰ গুৱাহাটীত কোনো আন্তর্জাতিক ক্রিকেট মেচ অনুষ্ঠিত হোৱা নাই৷ ফলস্বৰূপে ৰোহিত শর্মাহঁতক ওচৰৰ পৰা প্রত্যক্ষ কৰিবলৈ উন্মুখ হৈ আছে ৰাজ্যৰ লগতে উত্তৰ–পূূর্বাঞ্চলৰ ক্রিকেট অনুৰাগীসকল৷ আগন্তুক দুর্গাপূজাৰ সময়ত দক্ষিণ আফ্রিকা আৰু ভাৰতৰ মাজত এখন আন্তজার্তিক মেচ অনুষ্ঠিত হ’ব বুলি ভাৰতীয় ক্রিকেট ব’র্ডে ঘোষণা কৰাৰ পাছত স্বাভাৱিকতে উচ্ছ্বসিত হৈ পৰিছে অনুৰাগীসকল৷

You might also like