নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ বিয়াগোম শিক্ষক নিযুক্তি কেলেংকাৰিঃ এদিনৰ ইডিৰ জিম্মালৈ মন্ত্রী পার্থৰ ঘনিষ্ঠ সহযোগী অর্পিতা

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ বিয়াগোম কেলেংকাৰিৰ অভিযোগত গ্রেপ্তাৰ হোৱা মন্ত্রী পার্থ চেটার্জীৰ ‘ঘনিষ্ঠ’ অর্পিতা মুখার্জীক ১ দিনৰ বাবে ই ডিৰ জিম্মাত দিছে বেংকশাল আদালতে৷ আজি অভিনেত্রী তথা মডেল অর্পিতাক পুনৰ ই ডিৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব৷ লক্ষণীয়ভাৱে কালি আদালতত ই ডিৰ তৰফৰ পৰা যুক্তি দর্শোৱাৰ সময়ত উল্লেখ কৰা হয় যে অর্পিতাৰ ফ্লেটত বাজেয়াপ্ত সম্পত্তি পিঁয়াজৰ বাকলিৰ দৰে যিমানেই তৰপ আঁতৰোৱা হয় সিমানেই ওলাই থাকে৷ আনফালে, ‘আলিবাবা’ৰ বাকচৰ সৈতেও অর্পিতাৰ ফ্লেটক তুলনা কৰিছে ই ডিয়ে৷

স্মর্তব্য যে শুকুৰবাৰে মন্ত্রী পার্থ চেটার্জীক জেৰা কৰাৰ মাজতে সন্ধিয়া তালিগঞ্জৰ বিলাসবহুল ফ্লেটৰ পৰা তালাচী চলাই কোটি কোটি টকা জব্দ কৰিছিল আৰক্ষীয়ে৷ সেই সময়ত ই ডিৰ বিষয়াসকলৰ চকু কপালত উঠে৷ কাৰণ ফ্লেটৰ ভিতৰত নগদ টকা, সোণৰ গহনা, বিদেশী মুদ্রা যিধৰণে উদ্ধাৰ হৈছে সেয়া ৰূপকথাৰ আলি বাবাৰ চন্দুকৰ দৰে ঘটনা৷ যিফালেই চোৱা যায়, কেৱল ধন৷ আনফালে পিঁয়াজৰ বাকলি গুচাই যেনেদৰে শেষ কৰিব নোৱাৰি, তেনেদৰে বিচাৰি থাকিলেও কিবা নহয় কিবা ফ্লেটত পোৱা যাব বুলি উল্লেখ কৰে ই ডিৰ বিষয়াই৷ ই ডিৰ সূত্রই সদৰী কৰা অনুসৰি অর্পিতাৰ গ্রেপ্তাৰ প্রসংগত পার্থ চেটার্জীক প্রশ্ন কৰাৰ সময়ত অর্পিতাক চিনি পায় বুলি তেওঁ স্বীকাৰ কৰিছে৷ অৱশ্যে টকাৰ উৎস সন্দর্ভত কোনোধৰণৰ কথা নাজানে বুলি পার্থ চেটার্জীয়ে ই ডিৰ বিষয়াৰ আগত মন্তব্য কৰিছে৷ অর্পিতা আৰু পার্থ চেটার্জীক মুখামুখি বহুৱাই জেৰা কৰিলে বহু তথ্য পোৱা যাব বুলি ই ডিৰ সূত্রই সদৰী কৰিছে৷

ইফালে, এই বিয়াগোম কেলেংকাৰিত মডেল তথা অভিনেত্রী অর্পিতাৰ বাসগৃহৰ পৰা ২২ কোটি টকা উদ্ধাৰ হোৱাৰ পাছত তৃণমূল কংগ্রেছে ঘোষণা কৰিছে যে দলৰ সৈতে অর্পিতাৰ কোনো সম্পর্ক নাই৷ কেইবাগৰাকীও তৃণমূল কংগ্রেছৰ নেতাই এই কথা ঘোষণা কৰি আছে৷ ইয়াৰ মাজতে অর্পিতা মুখার্জীয়েও উল্লেখ কৰিছে যে তেওঁ দলৰ সৈতে জড়িত নহয়৷ আজি জোকা ই এছ আই হাস্পতালৰ বাহিৰলৈ অহাৰ সময়ত ই ডিৰ হাতত ধৃত অর্পিতা মুখার্জীক সাংবাদিকসকলে তেওঁৰ ৰাজনৈতিক পৰিচয় সন্দর্ভত প্রশ্ন কৰাত অভিনেত্রীগৰাকীয়ে কয় যে তেওঁ দলৰ সৈতে জড়িত নহয়৷

স্মর্তব্য যে শিক্ষক নিযুক্তি কেলেংকাৰিৰ গোচৰত প্রায় ২৭ ঘণ্টা ধৰি জেৰা কৰাৰ পাছত ই ডিয়ে গ্রেপ্তাৰ কৰিছে ৰাজ্যখনৰ মন্ত্রী পার্থ চেটার্জী৷ পার্থ চেটার্জীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই তালিগঞ্জৰ বিলাসবহুল ফ্লেটত তালাচী চলাইছিল ই ডিয়ে৷ ইয়াৰ পাছতে তৃণমূলৰ কুনাল ঘোষ, ফিৰহাদ হাকিম আদি একাংশ নেতাই সংবাদ মেলত উল্লেখ কৰে যে অর্পিতাৰ বাসগৃহৰ পৰা এই ধন জব্দ হৈছে৷ কিন্তু অর্পিতা তৃণমূল কংগ্রেছৰ সৈতে কোনো প্রকাৰে জড়িত নহয়৷ ইফালে, এই সমস্ত ঘটনা সন্দর্ভত ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে মৌনতা অৱলম্বন কৰা বিষয়টোক লৈ আজি বিজেপিয়ে ক্ষুৰাধাৰ সমালোচনা কৰিছে নেত্রীগৰাকীক৷ লক্ষণীয় বিষয়টো হৈছে সেই কেলেংকাৰিৰ গোচৰত গ্রেপ্তাৰ হোৱা অর্পিতা মুখার্জীৰ আইনৰ ওপৰত আস্থা থকা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰাৰ উপৰি তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্র চলা বুলিও মন্তব্য কৰিছে৷ ইফালে ই ডিৰ হাতত গ্রেপ্তাৰ হোৱা মন্ত্রী পার্থ চেটার্জীক অসুস্থতাৰ বাবে কলকাতাৰ এছ এছ কে এম হাস্পতালত ভর্তি কৰাৰ নির্দেশ দিছে নিম্ন আদালতে৷ অৱশ্যে এইক্ষেত্রত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে ই ডিয়ে৷ গতিকে কলকাতা উচ্চ ন্যায়ালয়ে পার্থ চেটার্জীক এছ এছ কে এম হাস্পতালত ৰখা হ’ব নে এইমছত অভিযুক্ত মন্ত্রীগৰাকীক ভর্তি কৰা হ’ব সেই সন্দর্ভত ৰায়দান কৰিব৷

You might also like