নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে অধ্যয়ন কৰা প্রাথমিক বিদ্যালয়ত ৩০০ গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা, ২৬জুলাই: দেশৰ সংসদৰ চেণ্ড্রেল হলত সোমবাৰে পঞ্চদশ ৰাষ্ট্রপতি হিচাপে দ্রৌপদী মুর্মুৱে শপত গ্রহণ কৰাৰ সময়ত ৰাষ্ট্রপতিগৰাকীৰ শহুৰেকৰ গাঁও পাহাৰপুৰত থকা জনজাতীয় আৱাসী স্কুলত ছাত্র–ছাত্রীসকলে মুর্মুৰ শপত গ্রহণ অনুষ্ঠান উপভোগ কৰে৷ উল্লেখনীয় যে বিদ্যালয়খন পৰিচালনা কৰিছিল তেওঁৰ দুই পুত্র আৰু স্বামীৰ সোঁৱৰণত৷ কালি ৰাষ্ট্রপতিগৰাকীৰ শপত গ্রহণ অনুষ্ঠান উপভোগ কৰাৰ বাবে বিদ্যালয়খনত তিনিখন এল চি ডি স্ক্রীন লগাই দিয়া হয়৷

উল্লেখনীয় যে পৰম্পৰাগত চাওতালী শাৰী পৰিধান কৰি কালি সংসদৰ চেণ্ট্ৰেল হলত প্রথমগৰাকী জনজাতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰি ৰাষ্ট্রপতিৰ শপত লয় দ্রৌপদী মুর্মুৱে৷ ইফালে মুর্মুৱে অধ্যয়ন কৰা উপাৰবেদ প্রাথমিক বিদ্যালয় চৌহদত   শিক্ষক–শিক্ষয়িত্রী তথা শিক্ষার্থীসকলে ৩০০ গছপুলি ৰোপণ কৰে৷

You might also like