নিয়মীয়া বাৰ্তা, ২৭ জুলাই : তিতাবৰ মহকুমাৰ বৰহোলাত আজি পুৱা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এটা বাসগৃহ জ্বলি নিমিষতে ছাই হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ, আচবাবসহ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয়। জানিব পৰা মতে বৰহোলা তিনিআলিৰ নিবাসী ফিৰদুছ আলীৰ বাসগৃহত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবে এই ঘটনা সংঘটিত হয়। বৰহোলা চাহ বাগিছাত শ্ৰমিক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল ফিৰদুছ আলীয়ে। বৰ্তমান বাসগৃহটো জুইত জাহ যোৱাত দিশহাৰা হৈ পৰিছে ফিৰদুছ। ঘটনাৰ সময়তো ফিৰদুছ বৰহোলা চাহ বাগানতে কাম কৰি আছিল। খবৰ পাই ঘৰলৈ দৌৰি আহিছিল যদিও সেই সময়লৈকে ঘৰৰ অধিকাংশ সামগ্ৰী জ্বলি ছাই হৈছিল। ইফালে ফিৰদুছ আলীৰ বাসগৃহৰ পৰা ৫০ মিটাৰ দূৰততে অৱস্থিত বৰহোলাৰ অগ্নিনিৰ্বাপক বাহিনী কেন্দ্ৰ। কিন্তু অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপিত কৰাত একোটা বৃহৎ ব্যৱসায়িক এলেকা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। উল্লেখ্য যে অগ্নিকাণ্ডত সকলো হেৰুৱা ফিৰদুছ আলীয়ে চৰকাৰৰ আৰ্থিক সহায়ৰ অনুৰোধ জনাইছে।
প্ৰেৰক : অজয় শইকীয়া