উকা হ’ল লক্ষ্মী কুটিৰ; বিশিষ্ট সাহিত্যিক–শিক্ষাবিদ শশী শর্মাৰ দেহাৱসান
নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ প্ৰখৰ সমাজ চেতনাসম্পন্ন এক অনন্য জীৱন পৰিক্ৰমাৰ অন্ত পৰিল । ক্ষণভংগৰ মানৱ জীৱনৰ পৰিসমাপ্তি ঘটাই পৰলোকলৈ গমন কৰিলে অসমৰ প্ৰগতিবাদী সাহিত্যৰ প্ৰাতঃস্মৰণীয় প্ৰতিভা-মানৱীয় মূল্যবোধৰ বলিষ্ঠ প্ৰৱক্তা-বিশিষ্ট শিক্ষাবিদ শশী শৰ্মাই ।
উকা হৈ পৰিল নলবাৰী চহৰৰ সকলোৰে পৰিচিত লক্ষ্মী কুটিৰ । দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থ হৈ থকা শৰ্মাই কালি নিশা প্ৰায় ১০ বজাত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।
প্ৰগতিবাদী চিন্তা-চৰ্চাৰে আজীৱন সাহিত্যৰ গভীৰ অধ্যয়নত মগ্ন শৰ্মাৰ বিয়োগত ৰাজ্যৰ সাহিত্য–শৈক্ষিক–বৌদ্ধ্ জগতখনক শোকস্তব্ধ কৰিছে৷ বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকলে নলবাৰীৰ শ্বহীদ মুুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভিৰ কৰে৷ উল্লেখ্য যে প্রয়াত শর্মাৰ জন্ম হৈছিল ১৯৩১ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তর্গত জানিগোগৰ কৰেবাৰীৰ এটা দৰিদ্র ব্রাহ্মণ পৰিয়ালত৷ তেওঁৰ পিতৃৰ নাম আছিল প্রয়াত সর্বানন্দ শর্মা আৰু মাতৃৰ নাম আছিল প্রয়াত লক্ষ্মী দেৱী৷ প্রয়াত শর্মা আছিল পৰিয়ালটোৰ নুমলীয়া সন্তান৷ পিতৃয়ে পৰিয়াল পোহপাল দিবলৈ কোচবিহাৰৰ কৃষ্ণপানীহালা নামৰ ঠাইখনত পুৰোহিতৰ কাম কৰিছিল৷ শৈশৱৰে পৰা দৰিদ্রতাৰ সৈতে সহাৱস্থান কৰিবলগীয়া হোৱা প্রয়াত শর্মাই অময়াপুৰ মজলীয়া বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভণি কৰে৷ ইয়াৰ পিছত ১৯৪৪ চনত তেওঁ নলবাৰীৰ গর্ডন স্কুলত ভর্তি হয় আৰু তাৰ পৰাই ১৯৫০ চনত তিনিটা বিষয়ত লেটাৰ নম্বৰসহ প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈছিল৷ প্রয়াত শর্মাই প্রৱেশিকা পৰীক্ষা দিয়াৰ সময়তে নিজৰ তথা পৰিয়ালৰ খৰচৰ বাবে অময়াপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিবলগীয়া হৈছিল৷ প্রয়াত শর্মাৰ ইচ্ছা আছিল কটন কলেজত বিজ্ঞান শাখাত নামভর্তি কৰি পিছলৈ চিকিৎসক হ’ব৷ কিন্তু একমাত্র ধনৰ অভাৱৰ বাবেই তেওঁৰ সেই সপোন পূৰণ নহ’ল৷ ১৯৫৪ চনত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ প্রয়াত শর্মা অর্থনীতিৰ ছাত্র আছিল যদিও ১৯৫৭ চনত অসমীয়া বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ ১৯৫৪ চনতে তেওঁ চান্দকুছি পাব্লিক হাইস্কুলত শিক্ষকতাৰে কর্মজীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত তেওঁ টংলা হাইস্কুল (১৯৫৫–৫৬), দেৱীৰাম পাঠশালা হাইস্কুল (১৯৫৬–৫৭), বৰহাট হাইস্কুল (১৯৫৮), অভয়াপুৰী কলেজ (১৯৫৮–৫৯) আৰু ডিগবৈ কলেজ (১৯৫৯–৬১)ত শিক্ষকতা কৰে৷ ১৯৬১ চনত তেওঁ নলবাৰী কলেজত অধ্যাপক হিচাপে যোগ দিয়ে আৰু ১৯৯৩ চনৰ ১ মার্চত অৱসৰ গ্রহণ কৰিছিল৷ প্রয়াত শর্মা আছিল সংগ্রামী সত্তাৰ প্রতীক৷ দৰিদ্রতাৰ সৈতে যুঁজাৰ সমান্তৰালভাৱে তেওঁ জঁপিয়াই পৰিছিল শোধনাগাৰ আন্দোলনত৷ যাৰ বাবে তেওঁ ৭ মাহ ১৫ দিনৰ তৃতীয় শ্রেণীৰ সশ্রম কাৰাবাস খাটিবলগীয়া হৈছিল৷ কাৰাগাৰত থাকিয়েই তেওঁ লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্রী৷ ছাত্রাৱস্থাৰ পৰাই সাহিত্য–সংস্কৃতিৰ সৈতে জড়িত প্রয়াত শর্মাই বিভিন্ন সামাজিক কামতো আত্মনিয়োগ কৰিছিল৷ ১৯৪২ চনত দেশৰ স্বাধীনতা সংগ্রামত তেওঁ স্বেচ্ছাসেৱক ৰূপে অংশগ্রহণ কৰে৷ তেওঁ ১৯৫০ চনত ইয়ং ছ’চিয়েলিষ্ট লীগত যোগদান কৰি ১৯৫২ চনত ইয়াৰ সদস্য পদ গ্রহণ কৰে৷ ১৯৫৩ চনত তেওঁ যোগ দিয়ে প্রজা ছ’চিয়েলিষ্ট দলত৷ ১৯৬৩ চনত প্রজা ছ’চিয়েলিষ্ট দল ত্যাগ কৰি মার্ক্সবাদী দর্শনৰ সৈতে সম্পর্ক স্থাপন কৰা প্রয়াত শর্মাই ১৯৭৮ চনত মার্ক্সবাদী কমিউনিষ্ট দলৰ সদস্যপদ লাভ কৰিছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে অসম সাহিত্য সভাৰ সৈতেও নিবিড়ভাৱে জড়িত আছিল৷ ১৯৬৫ চনত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত তেওঁ সক্রিয় অংশগ্রহণ কৰে আৰু সাহিত্য সভাৰ ৰাজ্যিক সদস্যৰ মনোনয়ন পাইছিল৷ পুঠিমাৰী সাহিত্য সভা, তামুলপুৰ সাহিত্য সভা, সেউজী সাহিত্য কানন, বৰপেটাৰোড সাহিত্য সভা, হাউলী সাহিত্য সভা, লক্ষীপুৰ সাহিত্য সভা, দুধনৈ সাহিত্য সভা স্থাপনত তেওঁ অগ্রণী ভূমিকা গ্রহণ কৰিছিল৷ ১৯৬৬ চনত সাহিত্য সভাৰ লখিমপুৰ অধিৱেশনত তেওঁ পুনৰ সর্বসন্মতভাৱে সদস্য মনোনীত হৈছিল৷ স্কুলীয়া কালৰে পৰাই লিখা–মেলা আৰম্ভ কৰা প্রয়াত শর্মাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই থৈ গৈছে মেটমৰা সৃষ্টিৰ সম্ভাৰ৷ তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত ‘ৰসৰাজ বেজবৰুৱা’ (১৯৬৭), ‘লেনিন, ৰুছ বিপ্লৱ আৰু ভাৰত’ (১৯৭১), ‘আধুনিক অসমীয়া সমাজ বিৱর্তনত সাহিত্যিকৰ ভূমিকা’ (১৯৮০), ‘সংখ্যালঘু সমস্যা সমাধানৰ গতিপথ’ (১৯৮০), ‘ধর্ম আৰু সমাজ’ (১৯৮০), ‘অসমৰ লোকসাহিত্য’ (১৯৯৩), ‘অসমৰ হিন্দু–মুছলমানৰ সাংস্কৃতিক সম্পর্ক’ (১৯৯৮), ‘বিজু’ (২০০৪) আদি বিশেষভাৱে উল্লেখযোগ্য৷ প্রয়াত শর্মাই জীৱনকালত তেওঁৰ সৃষ্টিৰ বাবে বহু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৬৮ চনত তেওঁ ‘মেক্সিম গর্কী’ গ্রন্থৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰে৷ ১৯৯৫ চনত ‘অসমৰ লোকসাহিত্য’ গ্রন্থখনৰ বাবে তেওঁ লাভ কৰিছিল অসম সাহিত্য সভাৰ সীতানাথ ব্রহ্ম সাহিত্য বঁটা৷ ১৯৯৯ চনত ‘অসমৰ সাধুকথা’ গ্রন্থখনৰ কাৰণে তেওঁ গুৱাহাটী সাহিত্য কাননৰ ৰেৱনাথ শর্মা বঁটা লাভ কৰে৷ প্রয়াত শর্মাৰ অন্তিমখন গ্রন্থ আছিল ‘অন্তিমৰ কথা’৷ এই গ্রন্থখন বিশিষ্ট সাহিত্যিক–সমালোচক এখন ক্ষুদ্র কলেৱৰৰ আত্মজীৱনী৷ মৃত্যুৰ সময়ত প্রয়াত শর্মাই পত্নী বীণাপাণি দেৱী, তিনিগৰাকী কন্যা–জোঁৱাইসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে৷
বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক শর্মাৰ মৃত্যুত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্রধান সম্পাদক পদুম ৰাজখোৱাকে ধৰি বিভিন্নজনে শোক প্রকাশ কৰিছে৷ তদুপৰি বিজেপিৰ প্রদেশ সভাপতি ৰঞ্জিত কুমাৰ দাস, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ নলবাৰী জিলা সমিতি, নলবাৰী জিলা ছাত্র সন্থা, নলবাৰী প্রেছ ক্লাব, নলবাৰী জিলা প্রেছ ক্লাব, অসম প্রদেশ সাংবাদিক সন্থা, নলবাৰী জিলা কর্মচাৰী পৰিষদ, নলবাৰী জিলা হাইস্কুল শিক্ষক সংস্থাই গভীৰ শোক প্রকাশ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রয়াত শর্মাই ২০০৩ চনতে ইচ্ছাপত্রযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ দেহ দান কৰি থৈ গৈছে৷ তদুপৰি তেওঁৰ অন্তিম আকাংক্ষা আছিল মৃত্যুৰ পিছত ব্যক্তিগত পুথিভঁৰালটো ৰাজহুৱা অনুষ্ঠানত পৰিগণিত কৰা৷
সেইদৰে কাৰো ওচৰত হাত নপতাকৈ আৰু মূৰ নোদোঁৱাকৈ মৃত্যুক আঁকোৱালি লোৱাৰ শেষ আকাংক্ষাও প্রয়াত শর্মাই ইচ্ছাপত্রত ব্যক্ত কৰি থৈ গৈছে৷ আজি পুৱা ৯ বজাত নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত প্রয়াত শর্মাৰ নশ্বৰ দেহৰ প্রতি ৰাজহুৱা শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব৷