নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“স্বাধীনতা” শব্দটোৱে চকুলো নিগৰায় ধুবুৰীৰ দুৰ্ভগীয়া এহাল মাতৃ-পুত্ৰৰঃ আলফাৰ ধাৰাসাৰ গুলীবৰ্ষণে কাল অমানিশা নমাইছিল পৰিয়ালটোলৈ 

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন। ধুবুৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহ আৰু কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ টঙালী বান্ধিছে সকলোৱে। কিন্তু ১৫ আগষ্টৰ সেই বিশেষ দিনটো আহিলেই হৃদয়ত গোপনে তেজ নিগৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ ঢেপঢেপীৰ খেকশিয়ালী গাঁৱৰ এটা পৰিয়ালৰ৷ “স্বাধীনতা” শব্দটোৱে চকুলো নিগৰায় দুৰ্ভগীয়া এহাল মাতৃ-পুত্ৰৰ৷ ২০০২ চনৰ ১৩ মাৰ্চ৷ প্ৰায় ২০ বছৰ পূৰ্বে অহা এক কালনিশাই তছনচ কৰি পেলাইছিল ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঢেপঢেপীৰ এটা সুখী পৰিয়ালক৷ সিদিনা নিশা হাতত অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত চাৰিজনীয়া আলফা সদস্যৰ এক দলৰ অত্যাধুনিক মাৰণাস্ত্ৰৰ ধাৰাষাৰ গুলীবৰ্ষণত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি ভাস্কৰ বোস আৰু তেওঁৰ ৰুগীয়া মাতৃয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল৷ সেই সময়ত ভাস্কৰৰ পত্নী চন্দনাৰ কোঁচত আছিল আঢ়ৈমহীয়া এটি শিশু৷ উক্ত ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ভাস্কৰৰ পিতৃ কানাইলাল বোসৰ৷ উক্ত ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ভাস্কৰৰ পিতৃ কানাইলাল বোসৰ৷ উল্লেখ্য যে  প্ৰয়াত কানাইলাল বোস ভাৰত চৰকাৰৰ  তাম্ৰপত্ৰ প্ৰাপ্ত এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ দৰাচলতে আলফাৰ সৈতে ভাস্কৰ বোসৰ নাছিল কোনো ব্যক্তিগত শত্ৰুতা। নিজৰ গাওঁখনৰ ৰাইজক “স্বাধীনতা” শব্দটোৰ প্ৰকৃত সোৱাদ দিয়াৰ বাব্ জীয়াই থকালৈকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি প্ৰতি বছৰে ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত মাইকযোগে গাঁওবাসীক দেশাত্মবোধক গীত শুনাইছিল তেখেতে৷  নিজৰ বাসগৃহত উত্তোলিত কৰিছিল ত্ৰিৰংগা পতাকা৷ ফলত আলফাৰ নিষেধাজ্ঞা অমান্য কৰাৰ ৰোষত পৰিছিল তেওঁ৷ আলফাৰ ফালৰ পৰা  ভাস্কৰ বোসক প্ৰদান কৰা হৈছিল চৰম সকীয়নি৷ কিন্তু নিজৰ স্থিতিত অটল আছিল তেখেত৷ তাৰ ফলস্বৰূপে কৰুণ পৰিসমাপ্তি ঘটিছিল ভাস্কৰ বোস নামৰ  দুৰ্ভগীয়া দেশপ্ৰেমিকগৰাকীৰ৷ ইপিনে সিদিনা নিশাৰ স্মৃতিচাৰণ কৰিবলৈ গ’লে আজিও চকু সেমেকি অহা পোৱা যায় ভাস্কৰ পত্নী চন্দনাৰ৷ “সিদিনা ধুবুৰীলৈ গৈছিল তেখেত৷ সন্ধিয়া ঘৰলৈ উভতি আহিছিল মাছ লৈ৷ মই মাছৰ জোল আৰু ভাত বনাইছিলোঁ৷ নিশা ৯টা মান বজাত পক্ষাঘাতত শয্যাশায়ী শাহু আইক ভাত খোৱাই আছিল তেখেত৷ ঠিক সেই সময়তে উপস্থিত হৈছিল তেওঁলোক৷ মই স্বামীৰ প্ৰাণভিক্ষা বিচাৰি কাবৌ কাকূতি কৰিছিলোঁ৷ কিন্তু তেওঁলোক কৰ্ণপাত কৰা নাছিল৷” ইফালে চকুৰ সন্মুখত স্বামী আৰু শাহুৱেকৰ ৰক্তাক্ত নিথৰ দেহ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰিছিল ভাস্কৰ পত্নী চন্দনা বোসে৷ কিন্তু দৃঢ়তাৰে ফুল কোমলীয়া পুত্ৰ সন্তানক লৈ অকলেই  নামি পৰিছিল জীৱন যুদ্ধত৷ কালৰ গতিত এদিন পুত্ৰ শোকত পিতৃ কানাইলাল বোসৰো  মৃত্যু ঘটিছিল৷ বৰ্তমানে সৌসিদিনাৰ শিশু শংখনাথ বোস আজি শৈশৱ আৰু যৌৱনৰ দুৱাৰদলিত৷ পিতৃৰ স্মৃতি বুলিলে আছে কেৱল ২০০২ চনৰ গণৰাজ্য দিৱসৰ দিনা পিতৃয়ে হাতত জাতীয় পতাকা লৈ উঠা জৰাজীৰ্ণ এক আলোকচিত্ৰ৷ ভৱিষ্যতে চৰকাৰী বিষয়া হোৱাৰ সপোন শংখনাথৰ। বৰ্তমানে ধুবুৰী জিলাৰ আগমনিৰ প্ৰগতি মহাবিদ্যালয়ৰ স্নাতকৰ কলা শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ তেওঁ। ইফালে কিন্তু পৰিয়ালটোৰ নাই কোনো ধৰণৰ নিৰ্দিষ্ট উপাৰ্জন৷ ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি ভাস্কৰ বোসৰ অকাল মৃত্যুৰ পিছৰ পৰাই চৰম আৰ্থিক সংকটত দিন পাৰ কৰিবলগীয়া হৈছে মাতৃ–পুত্ৰই। কিন্তু চৰম আৰ্থিক অনাটনৰ মাজতো পুত্ৰৰ পঢ়াশুনা বন্ধ হ’বলৈ দিয়া নাই মাতৃ চন্দনা বোসে। পিছে আজিলৈ অঞ্চলটোৰ কোনো এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিকে ধৰি জিলা প্ৰশাসনে আৰ্থিক ভাৱে সহায় কৰিবলৈ আগুৱাই নহাক কেন্দ্ৰ কৰি মনত এক ক্ষোভো আছে পৰিয়ালটোৰ; ভিন্ন জনে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি দিঠকত গৈ পূৰণ নকৰাকে লৈও আছে হতাশা। পিছে তথাপিও হাৰ মানা নাই চন্দনা বোসে; পুত্ৰক লৈ অকলে চলাই গৈছে সংগ্ৰাম।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like