নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত আৰক্ষীৰ হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক শোভাযাত্ৰা 

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ দেশে এইবেলি উদযাপন কৰিব ৭৫ তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে আজি বিয়লি এক সজাগতামূলক শোভাযাত্ৰা উলিয়ায়। যোগীঘোপা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দীননাথ মিলি আৰু ভাৰপ্ৰাপ্ত বিষয়া থোংজম চনথ সিঙৰ নেতৃত্বত অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষীৰ প্ৰশিক্ষণৰত নৱনিযুক্ত মহিলা আৰক্ষী বেটেলিয়ানৰ এটা দলৰ সহযোগত ‘হৰ ঘৰ ত্ৰিৰাংগা” শীৰ্ষক শোভাযাত্ৰা উলিওৱায়। হাতে হাতে ত্ৰিৰাংগা লৈ আৰক্ষীৰ দলটোৱে যোগীঘোপা থানাৰ পৰা শোভাযাত্ৰা কৰি চলন্তাপাৰালৈ যায়। চলন্তাপাৰা বজাৰৰ পৰা পুনৰ  থানালৈ উভতি  আহি শোভাযাত্ৰাৰ সামৰণি মাৰে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like