নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ লোকে গোপনে কাঠফলা মিল স্থাপন কৰি চলাই গৈছে কাঠৰ অবৈধ ৰমৰমীয়া বেহা ৷ গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া (DFO), প্ৰটেকশ্যচ বিষয়া কুলদ্বীপ দাস আৰু কৃষ্ণাই বন বিষয়া চিবানী পেগুৰ যৌথ নেতৃত্বত এক অভিযান চলায় ৷ এই অভিযান কালতে কৃষ্ণাইৰ মানিকপুৰ আৰু পেটকাটাত দুটাকৈ অবৈধ কাঠফুলা মিল উচ্ছেদ কৰে ৷ অৱশ্যে কোনো এজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহল যদিও দুয়োটা কাঠফলা মিলৰ পৰা লক্ষ টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে ৷ উল্লেখ্য যে, বহু দিনৰে পৰা চোৰাং ব্যৱসায়ী সকলে উচ্ছেদিত কাঠফুলা মিল দুটা স্থাপন কৰি অবৈধ ভাৱে কাঠৰ ৰমৰমীয়া বেহা চলাই গৈছিল বুলি বন বিভাগে জানিবলৈ দিয়ে ৷