নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ নিৰ্বাচনী টীমত ছাইনাৰ এণ্ট্ৰী; গেৰুৱা বসন পিন্ধিলে ছাইনা নেহৱালে

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ বেডমিণ্টন জগতৰ তাৰকা খেলুৱৈ ছাইনা নেহনালে আজি বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰৰ পাতনি মেলে । ২৯ বছৰীয়া ছাটলাৰ গৰাকীয়ে ভগ্নী চন্দ্ৰাংশু নেহৱালৰ সৈতে আজি ভাৰতীয় জনতা পাৰ্টীত অন্তৰ্ভুক্ত হয় ।

উল্লেখ্য যে ছাইনাই বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ উপস্থিতিত দলত যোগদান কৰে ।

ইফালে বিজেপিত যোগদান কৰিয়ে ছাইনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । তেওঁ কয়- “আজি এটা ভাল দিন । মই বহুকেইটা খিতাপ অৰ্জন কৰিলো যদিও আজি এনে এটা দলত যোগদান কৰিছো যিয়ে দেশৰ বিকাশৰ ক্ষেত্ৰত ভাল কাম কৰিছে ।” লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে বুলি মন্তব্য কৰি খেলজগতৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুত কাম কৰিছে বুলিও ছাইনাই মন্তব্য কৰে ।

You might also like