নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত অসম যুৱ অলিম্পিকৰ পদক বিজেতাক ছাত্ৰ সন্থাৰ অভিনন্দন

বিশেষ বাৰ্তা, ১০ আগষ্টঃ গুৱাহাটীত সদ্য সমাপ্ত প্ৰথম অসম যুৱ অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা মৰিয়নিৰ খেলুৱৈসকলক আজি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষ্যে মৰিয়নি মহাবিদ্যালয়ৰ সভাকক্ষত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অনন্ত বৰঠাকুৰে আঁ‌ত ধৰা অভিনন্দন অনুষ্ঠানৰ আদৰণি ভাষন প্ৰদান কৰে সভাপতি ইস্মায়েল তাঁ‌তীয়ে। অনুষ্ঠানটোত উপস্থিত থাকি মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱা, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা, শিক্ষাবিদ-সমাজকৰ্মী আলহাজ নেকিবুল ইছলাম, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দ্বীপেন দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত আদিয়ে বক্তব্য প্ৰদান কৰি খেলুৱৈসকলক উৎসাহিত কৰে। খেলুৱৈসকলে নিজ নিজ প্ৰতিভাৰ বলত মৰিয়নিলৈ সুনাম কঢ়িয়াই অনাৰ লগতে মৰিয়নিবাসীক গৌৰৱান্বিত কৰিলে বুলি তেওঁলোকে মন্তব্য কৰে। আনহাতে, অনুষ্ঠানটোত জ্যেষ্ঠ সমাজকৰ্মী ধীৰেন্দ্ৰ নাথ দত্ত, অসম অলিম্পিক সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য পিকলু ৰয়, শিক্ষক-সংগঠক প্ৰীতম শইকীয়া, যুৱ সমাজকৰ্মী মানৱ দাস, জ্যেষ্ঠ সংবাদকৰ্মী চক্ৰসেন গগৈ, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সৌৰভ কলিতা, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিবেক সাহা, যুৱ সমাজকৰ্মী কৃষ্ণ শৰ্মা, শিক্ষক চহন কানু, বীৰ লাচিত সেনা অসমৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি পংকজ বুঢ়াগোঁ‌হাই, আদিও উপস্থিত থাকে। আনহাতে, দ্বীপ দত্তই আঁ‌ত ধৰা অভিনন্দন অনুষ্ঠানত যুৱ অলিম্পিকৰ কাৰাটেত সোণৰ পদক লাভ কৰা ৰিম্পী বৰ, ৰূপৰ পদক প্ৰাপ্ত স্বেতা হাজৰিকা, ব্ৰঞ্জৰ পদক লাভ কৰা পঞ্চিমিতা বৰদলৈ আৰু ১৫০০ মিটৰ দৌৰত ৰূপৰ পদক পাবলৈ সক্ষম হোৱা ধৰ্মেশ্বৰ গঞ্জুক গামোচা, ফুলৰ থোপা, উপহাৰ, অভিনন্দন পত্ৰ আদিৰে অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। খেলুৱৈ কেইগৰাকীৰ মাতৃকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত যুৱ অলিম্পিকত অংশগ্ৰহণ কৰা যোৰহাট জিলা নেটবল দলৰ (ল’ৰা-ছোৱালী) মৰিয়নিৰ খেলুৱৈ আৰু কাৰাটেত অংশগ্ৰহণ কৰা খেলুৱৈসকলকো গামোচাৰে অভিনন্দন জনোৱা হয়। একেটা অনুষ্ঠানতে মৰিয়নিৰ সমৰকলাৰ প্ৰশিক্ষক ত্ৰিদ্বীপ গগৈ (দ্বীপ) আৰু এথ্লেটিকৰ প্ৰশিক্ষক হেমন কেৰকেটাকো ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like