নিয়মীয়া বাৰ্তা,২৯ জানুৱাৰীঃ মন্ত্ৰীসকল শিক্ষিত হ’ব লাগিব বুলি কোনো কথা নাই । কিয়নো মন্ত্ৰীৰ তলত সচিব আৰু একোটাকৈ ষ্টাফ থাকে কাম পৰিচালনাৰ বাবে । অৱশ্যে এই কথা আমাৰ নহয়, উত্তৰপ্ৰদেশৰ কাৰাগাৰ মন্ত্ৰী জেকে সিং জাইকিয়ে মঙলবাৰে গোলাম পেটেল সোঁৱৰণী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত এই কথা ঘোষণা কৰে ।
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘মন্ত্ৰীসকল শিক্ষিত হোৱাটো গুৰুত্বপূৰ্ণ নহয় । মই এজন মন্ত্ৰী আৰু মোৰ তলত কাম কৰিবৰ বাবে এজন সচিবৰ লগতে আছে এটা ষ্টাফ । ‘
ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষিত লোকসকলে সমাজত অশিক্ষিত সকলৰ বিৰুদ্ধে এক বিভ্ৰান্তি বিয়পায় । তেওঁ কয় যে শিক্ষিত ইঞ্জিনিয়াৰ অথবা ডাক্তৰ সকলে ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এজন উচ্চ মাধ্যমিক উত্তীৰ্ণ নেতাৰ সমান নাজানে ।
উত্তৰপ্ৰদেশ মন্ত্ৰীসভাৰ এইগৰাকী মন্ত্ৰীৰ এই বক্তব্যৰ পাচতেই দেশজুৰি দেখা গৈছে প্ৰতিক্ৰিয়া ।