নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তি পৰীক্ষাক লৈ কঠোৰ অসম আৰক্ষী

নিয়মীয়া বাৰ্তা,২০ আগষ্ট:   ৰাজ্য চৰকাৰৰ ৪৮টা বিভাগত খালী হৈ থকা প্রায় ৩০ হাজাৰ তৃতীয়–চতুর্থবর্গৰ্ পদৰ বিপৰীতে অনুষ্ঠিতব্য নিযুক্তি পৰীক্ষাত যাতে দুষ্টচক্রই কোনোধৰণৰ অনিয়ম–বেমেজালি সংঘটিত কৰিব নোৱাৰে, সেই ক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰিছে অসম আৰক্ষীয়ে৷ আনকি এনেধৰণৰ কার্যত লিপ্তসকলক জে’ললৈ প্রেৰণ কৰা হ’ব বুলি অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই হুংকাৰ দিছে৷ অসম মাধ্যমিক শিক্ষা পৰিষদৰ জৰিয়তে ‘ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগ’–এ অহা ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্ঢেম্বৰত অনুষ্ঠিত কৰিবলগীয়া নিযুক্তি পৰীক্ষা সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰ দি অসম আৰক্ষীৰ সঞ্চালকপ্রধান মহন্তই কয় যে এইটো এটা ডাঙৰ আয়োজন৷ তৃতীয়–চতুর্থবর্গৰ্ পদৰ বাবে বহু লাখ পৰীক্ষার্থীয়ে পৰীক্ষাত বহিব৷ ইয়াৰ লগত কোনোধৰণৰ আপোচ কৰা নহয়৷ পৰীক্ষা অনুষ্ঠিত কৰাসকল–ৱতীর্ণ হ’বলগীয়াসকলৰ আৰক্ষীয়েই হওক, উপায়ুক্ত কার্যালয়ৰ কর্মচাৰীয়েই হওক, ছেবাৰ মানুহেই হওক বা পৰীক্ষার্থীৰ পৰিয়ালবর্গৰেই হওক কোনেও যাতে একো অনিয়ম নকৰে৷ অনিয়ম কৰিলে ধৰা পৰিবই আৰু ধৰা পৰিলে জে’ল খাব৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বৃহৎসংখ্যক খালী পদ পূৰণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজেই কঠোৰ স্থিতি গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্ত আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ সমান্তৰালভাৱে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া দিনকেইটাত ২৫খন জিলাৰ নির্দিষ্ট সময়ৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ ৰখা আৰু পৰীক্ষা কেন্দ্রসমূহৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰাৰ দৰে গুৰুত্বপূর্ণ সিদ্ধান্তও লোৱা হৈছে৷

You might also like