নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত বানপীড়িতক ৪০ কোটিঃ অৰুণোদয় প্ৰকল্পত সামাজিক জৰীপৰ কর্মসূচীৰ আৰম্ভণি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে সকলো ঠাইৰে, সকলো ধৰণৰ মানুহক সকলো সময়তে সহায় কৰি আহিছে। বিগত বানপানীত ক্ষতিগ্ৰস্ত হোৱা কাছাৰ জিলাৰ নিজা বাসস্থানৰ ৮১,৫৪৪টা পৰিয়ালক আৰ্থিকভাৱে সহায় কৰা হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে বিগত বানপানীত ক্ষয়ক্ষতিৰ সন্মুখীন হোৱা কাছাৰ জিলাৰ ৮১ হাজাৰ পৰিয়ালক প্ৰায় ৪০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। শনিবাৰে শিলচৰৰ গান্ধী ভৱনত বানাক্ৰান্তসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে অৰুণোদয় প্ৰকল্পৰ অধীনত চলি থকা সামাজিক জৰীপৰ কামৰ ফ্লেগ অফ কৰি এই মন্তব্য কৰে ৰাজ্যৰ জনস্বাস্থ্য প্ৰযুক্তি, দক্ষতা, নিয়োগ আৰু উদ্যোগ, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয়, ইয়াৰ পূৰ্বে আশ্ৰয় শিবিৰত থকা ২২ হাজাৰ পৰিয়ালক ৩৮০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। ৮১ হাজাৰ পৰিয়ালৰ ভিতৰত একাংশ ক্ষতিগ্ৰস্ত পৰিয়ালক ৯৫ হাজাৰ টকা দিয়া হৈছে। ইয়াৰ উপৰি কম ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। তেওঁ কয় যে এই আৰ্থিক সাহায্য দুপৰীয়া বাৰোটা ত্ৰিছ মিনিট বজাৰ পৰা পোনপটীয়াকৈ অনলাইনযোগে ভুক্তভোগীসকলৰ বেংক একাউণ্টত জমা হ’ব। তেওঁ কয়, বিগত সময়ত বানপানীৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালে ক্ষতিপূৰণ কেতিয়া পাব সেয়া জনা নগৈছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অতি কম সময়তে ক্ষতিপূৰণ দিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানত মনিপুৰৰ ভূমিস্খলনত নিহত হোৱা লক্ষীপুৰ সমষ্টিৰ চাহজাহান লস্কৰৰ পত্নীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী বৰুৱাই। ইয়াৰ লগতে অৰুণোদয় আঁচনিৰ ফর্ম ছুপাৰভাইজাৰৰ হাতত অৰ্পণ কৰা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ৰাজ্য চৰকাৰে এই বছৰ অতিৰিক্ত ৭.৫৬ লাখ হিতাধিকাৰীক অৰুনোদয় আঁচনিত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অক্টোবৰৰ পৰা আঁচনিৰ ধনৰ পৰিমাণ ১,০০০ টকাৰ পৰা ১,২৫০ টকালৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত লৈছে। বর্তমান প্রকৃত হিতাধিকাৰী পৰীক্ষণৰ কামো চলাই থকা হৈছে। এই শেহতীয়া ব্যৱস্থাবোৰে ৰাজ্যৰ মহিলাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহক উপকৃত কৰিব। আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ। এই উপলক্ষে আগৰে পৰা এই আঁচনিৰ সুবিধা লাভ কৰি অহা হিতাধিকাৰীসকলক এনচিচি আৰু এন এছ এছ শিক্ষাৰ্থীৰ জৰিয়তে পুনঃৰীক্ষণ প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’ব। আজিৰে পৰা ২০ ছেপ্টেম্বৰলৈকে মাহজোৰা কাৰ্যসূচীৰে এই অভিযান চলিব।
এই অনুষ্ঠানত সাংসদ ৰাজদ্বীপ ৰয়, বিধায়কত্ৰয় কৌশিক ৰায়, দৈপায়ন চক্ৰৱৰ্তী আৰু মিহিৰকান্তি সোম, জিলা উপায়ুক্ত ৰোহন ঝা, ডি ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া যুৱৰাজ বৰঠাকুৰ আদি উপস্থিত থাকে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like