নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যুঃ মৃতদেহ লৈ প্ৰতিবাদ শিলচৰত

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : কালি নিশা হোৱা সামান্য বৰষুণৰ ফলত শিলচৰৰ পূৰ্ণচন্দ্ৰ পাল ৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। সকলোৰে সৈতে জয়দীপ চক্ৰৱৰ্তীৰ ঘৰতো জমা হৈছিল পানী। কিন্তু ৰাতিপুৱা তেওঁ ঘৰুৱা পানীৰ প্ৰয়োজনত মটৰ চলাব লগা হৈছিল আৰু মটৰ চলাবলৈ গৈ তাত বিদ্যুৎস্পৃষ্ট হৈ তেওঁৰ মৃত্যু হয় । ইয়াৰ ফলত পুৱাৰ পৰা অঞ্চলটোত ক্ষোভৰ সৃষ্টি হৈছিল। জয়দীপ ওৰফে মুন্নাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে উত্তেজনা সৃষ্টি হয়। তেওঁৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসন, পৌৰসভা আৰু জনপ্ৰতিনিধিক অভিযুক্ত কৰে। মৃতদেহ লৈ পথ অৱৰোধ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। তেওঁলোকৰ অভিযোগ যে অঞ্চলটোৰ নলা-নৰ্দমা সংস্কাৰ নকৰাৰ বাবে কম বৰষুণৰ সময়ত জমা হৈ থকা পানীৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে নলা-নৰ্দমা মেৰামতিৰ দাবী জনাই আহিছে যদিও কোনো কাম কৰা হোৱা নাই। ফলত জমা হোৱা পানীত শ্বৰ্ট চাৰ্কিটৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে। দুপৰীয়া প্ৰায় তিনি ঘণ্টা ধৰি অম্বিকাপট্টি পইণ্টত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। প্ৰতিবাদকাৰী ৰাইজে মৃতকৰ পৰিয়ালক পৰ্যাপ্ত আৰ্থিক ক্ষতিপূৰণ দিয়াৰ লগতে নিকটৱৰ্তী অঞ্চলৰ নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ দাবী জনায় যাতে পুনৰ এনে দুৰ্ঘটনা সংঘটিত নহয়। উল্লেখ্য যে মৃত যুৱকজনৰ নাম জয়দীপ চক্ৰৱৰ্তী (মুন্না, ৩০)। তেওঁ এখন ষ্ট’ৰত মেনেজাৰ হিচাপে কাম কৰিছিল আৰু পৰিয়ালৰ সূত্ৰই জনোৱা মতে, মাত্ৰ পাঁচ মাহৰ আগতে তেওঁৰ বিয়া হৈছিল। তেওঁৰ পত্নী সন্তানসম্ভৱা আছিল আৰু এনে অৱস্থাত এই ঘটনাৰ পৰিয়ালটো সম্পূৰ্ণ ভাগি পৰিছে। পিতৃৰ মৃত্যুৰ পিছত তেওঁ মাতৃ, ডাঙৰ ভাতৃ আৰু পৰিয়ালৰ আন আন সদস্যৰ সৈতে পূৰ্ণপাল ৰোডত বসবাস কৰিছিল। মুন্না আজি পুৱা সাৰ পাই পানীৰ মটৰ চুইচ অন কৰিবলৈ গৈছিল। যোৱানিশাৰ বৰষুণত মটৰটো থকা ঠাই পানীৰে ভৰি পৰিছিল। হঠাতে পৰিয়ালৰ লোকে এটা শব্দ শুনিবলৈ পাই লৰালৰিকৈ আহি জয়দীপ চক্ৰৱৰ্তীক মাটিত অচেতন হৈ পৰি থকা দেখে। অচেতন হৈ থকা জয়দীপক প্ৰথমে শিলচৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকে মৃত বুলি জানিবলৈ দিয়ে। এই দিনা মৃতদেহ লৈ অঞ্চলটোৰ ৰাইজে প্ৰায় তিনি ঘণ্টা ধৰি প্ৰতিবাদ কৰাৰ পিছত জিলা প্ৰশাসনৰ হৈ চক্ৰ বিষয়া কুমাৰ গৌৰৱ দাসে তেওঁলোকক সাক্ষাৎ কৰে। ডি ডি এম এৰ জৰিয়তে পৰিয়ালটোক ৪ লাখ টকাৰ আৰ্থিক অনুদান দিয়া হ’ব বুলি তেওঁ আশ্বাস দিয়ে। তদুপৰি স্থানীয় ৰাইজে উত্থাপন কৰা দাবীসমূহ চৰকাৰক জনোৱা হ’ব বুলি তেওঁ কয়। তেওঁৰ আশ্বাস লাভ কৰাৰ লগে লগে প্ৰতিবাদকাৰী ৰাইজে পথ মুকলি কৰি দিয়ে আৰু সাধাৰণ ৰাইজে সকাহ অনুভৱ কৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like