পূর্ণগতিত চলিছে স্মার্ট চিটীৰ কামঃ কেইদিনমান পাছতেই গুৱাহাটীত চলিব ২০০ ইলেক্ট্রিক বাছ–১০০ চিএনজি বাছ
- গুৱাহাটী মহানগৰীত যান–জঁট নিয়ন্ত্রণৰ বাবে ২০টা স্থানত ইণ্ট্ৰিগেটেড ট্রেফিক মেনেজমেণ্ট ছিষ্টেমৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড০ শর্মাৰ
- দ্বিতীয় পর্যায়ত ৩০টা–তৃতীয় পর্যায়ত ৪৪টা স্থানত প্রৱর্তন হ’ব এই ব্যৱস্থা
- চলিত বিত্তীয় বর্ষতে সম্পূর্ণ হ’ব এই প্রকল্প
- আৰক্ষীয়ে নহয়, ট্রেফিক আইন ভংগকাৰীক এই অত্যাধুনিক প্রযুক্তিয়ে বিহিব জৰিমনা
নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: গুৱাহাটী মহানগৰীত যান–জঁট নিয়ন্ত্রণৰ লগতে যান–বাহন চলাচলৰ ব্যৱস্থা সুষম কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইণ্ড্রিগ্রেটেড ট্রেফিক মেনেজমেণ্ট ছিষ্টেম (আইটিএমএছ)ৰ শুভাৰম্ভ কৰে৷ স্মার্ট চিটীৰ অন্যতম প্রকল্প এই আইটিএমএছত মহানগৰীৰ মুঠ ৯৪টা পইণ্টত অত্যাধুনিক প্রযুক্তিৰ ট্রেফিক ছিগনেল ব্যৱস্থা গ্রহণ কৰা হয়৷ এই অত্যাধুনিক প্রযুক্তিৰ বিশেষত্ব এয়ে যে উক্ত ট্রেফিক ছিগনেলসমূহত চিচি টিভি কেমেৰা সংস্থাপিত হৈ আছে আৰু ট্রেফিক আইন উলংঘা কৰি চলাচল কৰা যান–বাহনসমূহৰ নম্বৰ প্লেটসহ স্বয়ংক্রিয়ভাৱে উক্ত কেমেৰাই ছবি ধৰি ৰাখিবলৈ সক্ষম হয়৷ ইয়াৰ বাবে উলুবাৰীত কণ্ট্ৰ’ল ৰুম স্থাপন কৰা হৈছে৷ উক্ত কণ্ট্ৰ’ল ৰুমৰ পৰা ট্রেফিক সংকেতৰ লাইভ মনিটৰিং আৰু নিয়ন্ত্রণ কৰাৰ লগতে চিচি টিভিৰ জৰিয়তে উক্ত স্থানৰ মাজেদি অতিক্রম কৰা যান–বাহনৰ লাইভ নিৰীক্ষণ সম্ভৱ হৈ উঠিব৷ ভিডিঅ’ বিশ্লেষণৰ জৰিয়তে কোনো এটা ঘটনা সংঘটিত হ’লে লাইভ সতর্কবাণীৰ লগতে ভিডিঅ’ এনালাইটিকছ আৰু অপৰাধীক চিনাক্ত, গ্রেপ্তাৰ আৰু গোচৰ চলোৱাত সহায়ক হৈ উঠিব৷ এই ব্যৱস্থা প্রৱর্তনৰ লগে লগে এতিয়াৰে পৰা আৰক্ষীয়ে নহয়, অত্যাধুনিক প্রযুক্তিসম্পন্ন আই টি এম এছে যান–বাহন আইন উলংঘা কৰা চালকসকলক ততালিকে জৰিমনাৰ ই–চালান প্রদান কৰিব৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই উলুবাৰীৰ কণ্ট্ৰ’ল ৰুমত উপস্থিত হৈ আই টি এম এছৰ শুভাৰম্ভ কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰে পৰা আংশিকভাৱে মহানগৰীৰ ২০টা ট্রেফিক পইণ্টত এই কাম আৰম্ভ কৰা হৈছে৷ নেপালী মন্দিৰৰ পৰা খানাপাৰালৈকে ২০টা স্থানত এই অত্যাধুনিক ট্রেফিক নিয়ন্ত্রণ ব্যৱস্থা কৰা হৈছে৷ দ্বিতীয় পর্যায়ত ৩০টা স্থানত আৰু তৃতীয় পর্যায়ত ৪৪টা স্থানত এই ব্যৱস্থা প্রৱর্তন কৰা হ’ব৷ এই বিত্তীয় বর্ষৰ ভিতৰতে মুঠ ৯৪টা স্থানত আই টি এম এছ প্রকল্প সম্পূর্ণ হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই অত্যাধুনিক ব্যৱস্থাৰ জৰিয়তে কণ্ট্ৰ’ল ৰুমৰ পৰাই কোনো যান–বাহনে ট্রেফিক ছিগনেল ভংগ কৰিছে নেকি, চালকে হেলমেট পৰিধান কৰিছেনে নাই সেই বিষয়ে বাহনখনৰ নম্বৰ প্লেটসহ বিতংকৈ জানিব পাৰিব৷ তদুপৰি এই ট্রেফিক ছিগনেল ব্যৱস্থা প্রৱর্তনৰ ফলত আন বহু অপৰাধ ৰোধৰ ক্ষেত্রতো সহায়ক হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে উক্ত পইণ্টসমূহত থকা চিচি টিভি কেমেৰাই সকলোৰে ছবি আবদ্ধ কৰি ৰাখিব৷ টেকন’ছিছ ছিকিউৰিটী ছার্ভিচ প্রাইভেট লিমিটেডে মুঠ ৭৮.৪৪ কোটি টকাৰে এই প্রকল্পটো ৰূপায়ণ কৰিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷
সেইদৰে আৰু কেইদিনমান পাছতেই গুৱাহাটীত ২০০খন ইলেক্ট্রিক বাছ, ১০০খন চিএনজি বাছ চলাচল কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উমানন্দ, গীতা মন্দিৰৰ উন্নয়ন, ব্রহ্মপুত্রৰ পাৰৰ উন্নয়নকে ধৰি ৫০০ কোটি টকাৰ স্মার্ট চিটীৰ কাম বর্তমান পূর্ণগতিত চলি আছে৷