নাওবৈচাত ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ :
২০০ শিশু-বৃদ্ধ- প্ৰসুতীক বিনামূলীয়া ঔষধ প্ৰদান :
নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ উদ্যোগত তথা লখিমপুৰ আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত আৰু গোসাঁনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ অতিথ্যত অলপতে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়। নাওবৈচাৰ গোসাঁনীবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত লখিমপুৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয় বহু কেইজন বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। স্বাস্থ্য পৰীক্ষা শিবিৰটো প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা উদ্ধোধনী অনুষ্ঠানটোত উপস্থিত থাকি ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ অধিকৰ্তা ৰাজেজ মালপানীয়ে ৰেড ক্ৰছ চছাইটিৰ মূল লক্ষ্য উদ্দেশ্য আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। বিনামূলীয়া স্বাস্থ্য শিবিৰটোত গোসাঁনীবাৰী, গেলাহাটী, চেঙলীজান আৰু টকৌগুৰিৰ প্ৰায় ২০০ জন শিশু,প্ৰসুতী আৰু বৃদ্ধ লোকক বিভিন্ন ৰোগৰ চিকিৎসা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। বিনামূলীয়া স্বাস্থ্য শিবিৰটোত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা:প্ৰবীণ মিলি ,ডা:ৰাম প্ৰসাদ পাৱে,ডা:হেম চন্দ্ৰ মেধি,ডা:চাহিল পাৰভেজ আজাদে চিকিৎসা সেৱা প্ৰদান কৰে। আনহাতে বিনামূলীয়া স্বাস্থ্য শিবিৰটিত ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ উপ সভাপতি চাৰু বৰা,উপ অধিকৰ্তা কুলনাথ ভৰালী,সম্পাদক ৰাজীৱ শৰ্মা,জুনিয়ৰ ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ সম্পাদক বিনোদ ধান,য়ুথ ৰেড ক্ৰছ চছাইটিৰ লখিমপুৰ শাখাৰ সম্পাদক হিৰণ্য শৰ্মা, লখিমপুৰ আইন সেৱা প্ৰাধিকাৰী পাৰা লিগেল ভলন্টিয়াৰ বদন কলিতা আৰু গোসাঁনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেন গগৈয়ে পূৰ্ণ সহযোগিতা আগবঢ়াই। আনহাতে বিনামূলীয়াকৈ প্ৰদান কৰা স্বাস্থ্য সেৱা গ্ৰহণ কৰি গাঁও কেইখনৰ ৰাইজে ভাৰতীয় ৰেড ক্ৰছ চছাইটি লখিমপুৰ শাখা আৰু লখিমপুৰ আইন সেৱা প্ৰাধিকাৰীৰ সকলো বিষয় ববীয়াক কৃতজ্ঞতা জনোৱা লগতে পৰৱৰ্তী সময়ত এনে জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।