নিয়মীয়া বার্তা, ৩০ জানুৱাৰীঃ নগাঁও জিলাৰ চাপানালাৰ চম্পাৱতী জলপ্রপাতত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ’ব মহাকুণ্ডমেলা ৷ পুৰণিগুদামৰ গড়মূৰ তিনিআলিৰ পৰা পোন্ধৰ কিলোমিটাৰ পূব দিশত অৱস্থিত প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ নগাঁও–কার্বি আংলং জিলাৰ সীমান্তৰ চোৱাং বনাঞ্চলৰ লেমলেমী নামৰ পাহাৰটোৰ বুকুৰ পৰা শিলৰ ফাঁকেৰে নামি আহিছে উত্তৰ–পূব ভাৰতৰ অন্যতম সর্ববৃহৎ জলপ্রপাত চম্পাৱতী ৷ অপৰূপ সৌন্দর্যত চহকী চাপানালা উত্তৰ–পূর্ব ভাৰতৰ ভিতৰতে বৃহৎ জলপ্রপাত ‘চম্পাৱতী’য়ে ইতিমধ্যে দেশ–বিদেশৰ প্রকৃতিপ্রেমীসকলক আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ প্রাকৃতিক সৌন্দর্য উপভোগৰ বাবে অহা পর্যটকৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ বিদ্যালয়–মহাবিদ্যালয় ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–অধ্যাপিকাই ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে বাছি লৈছে চাপানালাৰ চম্পাৱতী জলপ্রপাত ৷
জিয়াজুৰি চাহ বাগিচাৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা ঐতিহাসিক কীর্তিচিহ্ণৰ লগতে ২,৬১৪ হেক্টৰ বর্গকিলোমিটাৰ আগুৰি ৰখা বনাঞ্চলখন বন্যপ্রাণীপ্রেমীসকল্ কাৰণেও আকর্ষণৰ কেন্দ্রবিন্দুলৈ পৰিণত হৈছে ৷ সেউজীয়া সোণৰ ৰম্যভূমি হিচাপে পৰিচিত হৈ পৰা চাপানালা, জিয়াজুৰি, মাটিয়া পাহাৰ, লুংচুঙ, বালিজুৰি, কন্দলি আদিকে ধৰি দুশৰো অধিক সৰু–বৰ চাহ বাগিচাই অসমৰ অর্থনীতিত গুৰুত্বপূর্ণ স্থান দখল কৰি আছে ৷ দুদিনীয়াকৈ আয়োজন কৰা মহাকুণ্ডমেলাত জলপ্রপাতত মাঘী সপ্তমী তিথিত স্নান কৰিলে ৰোগ–ব্যাধি দূৰ হোৱাৰ লগতে পুণ্য অর্জন হয় বুলি থকা জনবিশ্বাসৰ বাবেই চাপানালাৰ চম্পাৱতী জলপ্রপাত মাঘী সপ্তমী তিথিত জনসমুদ্রত পৰিণত হয় ৷
লক্ষণীয় যে প্রকৃতিৰ অপূর্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ–জন্তুৰ লগতে এটি অঞ্চল পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ যি প্রয়োজন, সকলো থকাৰ পিছটো পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ সক্ষম হোৱা নাই৷ মহাকুণ্ডমেলাত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়ে গা কৰি উঠাত বহু অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ পৰিচালনা সমিতিয়ে প্রশাসনৰ সহযোগত অবৈধ সুৰাৰ ব্যৱসায়সমূহ বন্ধ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনোৱাৰ লগতে চাপানালাৰ চম্পাৱতী জলপ্রপাতক ৰাজ্যৰ এখন পৰিষ্কাৰ বনভোজৰ ঠাই হিচাপে গঢ়ি তুলিবলৈ অনুৰোধ জনাইছে ৷ ইফালে, চলচলিৰ পৰা চাপানালালৈকে সুদীর্ঘ পথছোৱাত একাংশ লোকে চান্দা বিচাৰি ভক্ত, পর্যটকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷