বিশেষ বাৰ্তা, ২৭ আগষ্টঃ বিজেপি কৃষক মৰ্চাৰ জিলা কাৰ্য্যনিৰ্বাহক সভাখন আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বংশৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। জিলা কাৰ্য্যনিৰ্বাহক সভাখন পতাকা উত্তোলনৰ লগতে বন্তি প্ৰজ্বলন আৰু মাতৃ বন্দনাৰে সভা শুভাৰম্ভণি কৰা হয়। উপস্থিত থাকে উক্ত সভাত গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চাৰ সভাপতি সঞ্জীৱ সমৰ ডেকা, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন কলিতাৰ লগতে কৃষক মৰ্চাৰ প্ৰভাৰী তথা মূল সমিতিৰ উপ সভাপতি অশোক ভট্ট ৰায়, ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰানী ফুকন তহবিলডাৰ, সম্পাদক সঞ্জীৱ বৰা, সাধাৰণ সম্পাদক মুল সমিতিৰ দিপ্লু ৰঞ্জন শৰ্মা, যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, সাংসদ কুইন ওজা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সংবাদ মাধ্যম আহবায়িকা অসমী বৰা, সামাজিক মাধ্যমৰ সহ আহ্বায়ক হৃষিকেশ কলিতাৰ লগতে জিলা আৰু মণ্ডলৰ কাৰ্য্যকতাৰ সম্পূৰ্ণ সহযোগত ৰাষ্ট্ৰীয় সংগীতেৰে সভা সামৰণি মৰা হয়।