বিশেষ বাৰ্তা, ২৭ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক স্হান দিয়াৰ যি পৰিকল্পনা সেয়া বাস্তৱ কৰিবলৈ হলে ৰাজ্যখনৰ শৈক্ষিক দিশটো সৰ্বাধিক গুৰুত্ব দিব লাগিব ৷ শিক্ষাৰ দিশটো গুৰুত্ব দিবলৈ হলে ছাত্ৰ ছাত্ৰী সকলে নিৰৱচিন্ন ভাবে অধ্যয়নত ব্ৰতী হব লাগিব ৷ নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে ছাত্ৰ ছাত্ৰী সকলে নৱম দশম শ্ৰেণীৰ পৰাই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিবলৈ যত্নপৰ হব লাগিব৷ কিয়নো আজিৰ সময়ত পৰীক্ষাৰ নম্বৰত কোনো গুৰুত্ব নাই৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰেহে নিজৰ স্হান লব লাগিব৷ এই মন্তব্য অসমৰ শিক্ষা উপদেস্টা ড°ননী গোপাল মহন্তৰ৷ আজি শুৱালকুছি প্ৰজ্ঞান গোষ্ঠীৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুস্হানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি তেওঁ পুনৰ কয় যে বৰ্তমানৰ যুগটো প্ৰযুক্তিৰ যুগ৷ সেয়েহে ছাত্ৰ ছাত্ৰী সকলে আজিৰ প্ৰযুক্তিৰ লগত নিজকে খাপখুৱাব পৰাকৈ আগবাঢ়িব লাগিব৷ অসমৰ ৬৫ শতাংশ শিক্ষাৰ্থীয়ে কলা বিষয়ত অধ্যয়ন কৰে বুলি উল্লেখ তেওঁ কয় যে বিজ্ঞান আৰু বাণিজ্য ত অধ্যয়ন কৰিলে প্ৰযুক্তি আৰু বজাৰ দখলৰ সুবিধা থাকে ৷ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ হলে বজাৰ দখল কৰাটো আৱশ্যক৷ তেওঁ পুনৰ কয় যে হাতৰ আঙুলি পাচটা যি দৰে সমান নহয় ঠিক তেনেদৰে মানুহৰ জীৱনটো সদায় একাবেকা৷ এইবোৰ অতিক্ৰম কৰি আমি সদায় আগবাঢ়িব লাগিব৷ কেতিয়াবা যদি বিফলতা আহে তাৰবাবে হতাশ নহৈ জীৱনটো আগবঢ়াই নিবলৈ চেস্টা চলাব লাগিব৷ অসমত ছাত্ৰ ছাত্ৰী সকলৰ আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে হতাশা আৰু নিৰাশাই এনে পন্হাক সহযোগ কৰে ৷ বিফলতাক সফলতালৈ অনাটোহে মুখ্য উদ্দেশ্য বুলি ধৰি ললে নিমিষতে হতাশা ভাৱ আতৰ হয় বুলি দোহাৰি ছাত্ৰ ছাত্ৰী সকলক শিক্ষা জীৱন আগবঢ়াই নিবলৈ বিভিন্ন উদাহৰণ আৰু পৰামৰ্শ দিয়ে৷ তেওঁ প্ৰতিটো আখৰ গুৰুত্ব আছে আৰু প্ৰতিজোপা গছ ঔষধৰ বাবে প্ৰয়োজন বুলি উল্লেখ কৰি জীৱনত কিবা এটা কৰাৰ সংকল্প থকা সকলে সামৰ্থ লাভ কৰিবলৈ সক্ষম হৈ বুলি কয়৷ তেওঁ শিক্ষিত যুৱক যুৱতি সকলক আত্মনিৰ্ভৰশীল হবলৈয়ো আহ্বান জনায়৷ মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মাৰ সভাপতিত্বত অনুস্হিত উক্ত সম্বৰ্ধনা সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে তেওঁৰ ভাষণত ২০০১ চনৰ পৰা জালুকবাৰী সমস্টিৰ কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ কথা উল্লেখ কৰা কয় যে মেট্ৰিকত যি সকল শিক্ষাৰ্থীয়ে ভাল ৰিজাল্ট কৰে তাৰ বেছি সংখ্যকে উচ্চতৰ মাধ্যমিকত তাতকৈ বেয়া ৰিজাল্ট কৰে৷ গতিকে উচ্চতৰ মাধ্যমিকলৈ অভিভাৱক সকলে নিজৰ লৰা ছোৱালীক হাতৰ পৰা এৰি দিব নালাগে বুলি কয়৷ কাৰণ উচ্চতৰ মাধ্যমিকৰ ফলাফলহে জীৱন গঢ়াৰ সুযোগ দিয়ে৷ ছাত্ৰ ছাত্ৰী সকলে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পিছত সমাজখনকো আগবঢ়াই নিয়াত আগভাগ লব লাগিব৷ তেতিয়াহে সমাজবোৰ সঠিক দিশৰে আগবাঢ়িব৷ ছাত্ৰ ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত বজ্ৰৰ দৰে কঠিন আৰু শিলৰ দৰে টান হব লাগিব ৷ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মায়ো এনে এজন ব্যক্তি আছিল বাবেই আজি নিজৰ লক্ষ্যত উপনীত হব পাৰিছে বুলি তেওঁ দোহৰে সভাত ৰাজ্যিক কৃষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক অধ্যয়নত সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ কিতাপে মানুহক জ্ঞানী কৰাৰ লগতে পৃথিবীৰ সমস্ট কথা কিতাপৰ পাতত পাই বুলি দোহাৰি তেওঁ যুৱ প্ৰজন্মক নতুন অসম নিৰ্মাণৰ সংকল্প লবলৈ আহ্বান জনায়৷ শুৱালকুছি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুস্হিত সম্বৰ্ধনা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ ১৪৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিক(ক’লা, বিজ্ঞান, বাণিজ্য) ৰ ১৯৫ গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ, গামোচা, কিতাপৰ টোপোলা আৰু এটা ফাইল কভাৰৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাত সিদ্ধান্ত অংকুৰ বৰুৱা, শুৱালকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দীপেশ কুমাৰ ভাগৱতী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
প্ৰেৰক দিলীপ মেধি