নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছক ‘চয়তান’ আখ্যা জিনপিঙৰ

মৃত্যু হোৱা লোকৰ সংখ্যা ১৩০লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ চীনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছত এতিয়ালৈকে ১৩০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ বেইজিঙত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰিছে যে ভাইৰাছবিধক প্রতিৰোধ কৰাৰ বাবে যুদ্ধকালীন প্রক্রিয়া চলাই থকা হৈছে ৷ লক্ষণীয়ভাৱে প্রায় ১৫খন দেশলৈ বিস্তাৰ ঘটিছে এই ভাইৰাছৰ ৷ ঝি জিনপিঙে এই ভাইৰাছবিধক ‘চয়তান’ আখ্যা দি কৈছে যে ইয়াক যিকোনো প্রকাৰে প্রতিৰোধ কৰিবই লাগিব ৷ উল্লেখনীয় যে, বিভিন্ন বিদেশী ৰাষ্ট্রই নিজৰ নাগৰিকক চীনৰ পৰা ওভতাই নিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে ৷ পাঁচ সহস্রাধিক লোক বর্তমান চিকিৎসাধীন হৈছে চীনকে ধৰি অন্যান্য দেশবোৰত৷ এই ভাইৰাছবিধৰ সংক্রমণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে আমেৰিকাই চীনলৈ বিমানৰ উৰণ বন্ধ কৰিছে ৷ ভাৰত, জাপান, জার্মানীকে ধৰি বিভিন্ন দেশে চীনৰ পৰা ওভতা যাত্রীসকলৰ ওপৰত চলাই আছে সূক্ষ্ম নিৰীক্ষণ ব্যৱস্থা ৷ তন্ন তন্নকৈ এই যাত্রীসকলৰ ওপৰত চলোৱা হৈছে চিকিৎসা পৰীক্ষা ৷ লক্ষণীয়ভাৱে বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ এই ক’ৰোনা ভাইৰাছৰ মাৰাত্মক ৰূপৰ বিষয়টোক লৈ সঘনে অনুষ্ঠিত কৰিছে বৈঠক ৷

You might also like