নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বানেধোৱা মেধিকুছিত উত্তপ্ত পৰিস্থিতিঃ লাটমণ্ডলক বানবিধস্ত ৰাইজৰ ঘেৰাও

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ মাত্ৰ কিছুদিনৰ ব্যৱধানত দুটাকৈ প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰি বজালীৰ আন প্ৰান্তৰ লগতে মেধিকুছি অঞ্চলত ধ্বংসলীলা চলোৱাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেধিকুছিত উপস্থিত হৈ এই লোকসকলৰ প্ৰতি চৰকাৰে সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু ইয়াৰ পিছতে মেধিকুছিত বানবিধস্ত অঞ্চলৰ একাংশ প্ৰকৃত ক্ষতিগ্রস্ত লোকে চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি আজি উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে মেধিকুছিৰ গাৱৰ ৰাইজে৷ বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত মেধিকুছি গাৱৰ লাটমণ্ডল গৰাকীয়ে আজি মেধিকুছি গাৱত উপস্থিত হোৱাত গাৱবাসীয়ে লাটমণ্ডল গৰাকীক ঘেৰাও কৰি বান ক্ষতিগ্রস্তৰ তালিকা প্ৰস্তুতৰ ক্ষেত্রত বিসংগতি হোৱা বুলি অভিযোগ আনি লাটমণ্ডলগৰাকীক ককৰ্থনা কৰে। একাংশ প্ৰকৃত ক্ষতিগ্ৰস্থ লোকক ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি বানত ক্ষতি নোহোৱা আন একাংশ পৰিয়ালক চৰকাৰী সাহায্য লাভৰ সুবিধা কৰি দিয়া অভিযোগ আনি লাটমণ্ডলগৰাকীক ৰাইজে জৱাবদিহি৷ আনহাতে বানপানীৰ সময়ত লাটমণ্ডল গৰাকীয়ে তিনিদিন ধৰি মেধিকুছি গাৱৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰি সম্পূৰ্ণ ৰূপে ঘৰ ধ্বংস হোৱা আৰু আংশিক ভাবে ঘৰ ধ্বংস হোৱা পৰিয়ালৰ তালিকা প্ৰস্তুত কৰা বুলি লাটমণ্ডলগৰাকীয়ে স্থানীয় ৰাইজক জনায় যদিও একাংশ লোকৰ ঘৰলৈ নোজোৱাকৈ আৰু চৰজমিন তদন্ত নকৰাকৈ বানত ক্ষতিগ্রস্ত লোকৰ তালিকাত লাটমণ্ডল জনে ফটো লৈয়ে নাম সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে আৰু আজিও কিয় মেধিকুছি গাৱৰ একাংশ প্ৰকৃত ক্ষতিগ্ৰস্থ লোক ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হৈ থাকিব লগা হ’ল বুলি ৰাইজে প্ৰশ্ন তেওঁক প্ৰশ্ন কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ লক্ষনীয়ভাৱে সৰুপেটা ৰাজহ চক্ৰৰ লাটমণ্ডল আৰু বিষয়াৰ গাফিলতিত প্ৰকৃতাৰ্থত বানত ক্ষতিগ্রস্ত একাংশ পৰিয়ালে চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে । উল্লেখ্য যে যোৱা ১৬ জুনত মেধিকুছিত পহুমাৰা নৈৰ মথাউৰি চিঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰাৰ ফলত বহু পৰিয়ালৰ গৃহ ধ্বংস হোৱাৰ উপৰিও বহু সংখ্যক পৰিয়ালৰ গৃহৰ আংশিকভাৱে ক্ষতি হৈছিল। ইয়াৰ পিছতে মেধিকুছিৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক তৎকালীন ভাবে সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে অস্থায়ী ভাবে মেধিকুছিৰ পহুমাৰা নৈৰ মথাউৰিৰ ভগ্ন অংশ নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে চৰকাৰী ভাৱে মেধিকুছিত পহুমাৰা নৈৰ ভগ্ন মথাউৰিৰ অস্থায়ী নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাৰ লগতে মেধিকুছিৰ বহু বানাক্ৰান্তই লাভ কৰিছিল সকলো প্ৰকাৰৰ ক্ষতিপূৰণ। কিন্তু একাংশ বিষয়াৰ গাফিলতিৰ ফলত আজিলৈ মেধিকুছিৰ একাংশ বান ক্ষতিগ্রস্ত পৰিয়ালে চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাত আজি তীব্র ক্ষোভৰ বহিঃ প্ৰকাশ ঘটে বান সাহায্য লাভ নকৰা বানাক্ৰান্ত লোক সকলে লাটমণ্ডলক এই ক্ষেত্রত ৰাজহুৱা ভাৱে জৱাবদিহি কৰে৷ ইপিনে আজিও মেধিকুছিৰ কেবাটাও পৰিয়াল মথাউৰিৰ ওপৰতে অস্থায়ী গৃহ নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে৷ এনে এক প্ৰেক্ষাপটতে মেধিকুছিৰ ৰাইজে চৰকাৰী বান সাহায্য প্ৰদানৰ ক্ষেত্রত মেধিকুছিত হোৱা বিসংগতিৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি মূখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্রত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like