পূজাত নাৰিকলৰ বাকলিৰ দুৰ্গা প্ৰতিমাৰে চমক দিবলৈ সাজু ধুবুৰীৰ শিল্পী প্ৰবীৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ বিগত প্ৰায় এটা দশকৰ পৰা বিভিন্ন অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা পোৱা ধুবুৰীৰ শিল্পী প্ৰৱীৰ কুমাৰ ঘোষে এইবাৰো সাজু হৈছে পুনৰ এক আলোড়নৰ সৃষ্টি কৰিবলৈ। এইবেলি দুৰ্গাপূজাত প্ৰায় এশটা নাৰিকলৰ বাকলিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকীয়ে। বিগত প্ৰায় তিনিমাহৰ পৰা নিৰ্মাণ কৰি থকা চাৰে ৪ ফুট উচ্চতা আৰু ৩ ফুট বহল প্ৰতিমাটো এক চাল শৈলীৰ বুলি জনাইছে শিল্পী ঘোষে। প্ৰতিমাটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁৰ আৰু ১৫ দিন মানৰ প্ৰয়োজন হ’ব। উল্লেখ্য যে, যোৱাবাৰ পুজাত ইলেকট্ৰিক বাল্বেৰে নিৰ্মাণ কৰা তেখেতৰ দুৰ্গা প্ৰতিমাই ব্যাপক জনপ্ৰিয়তা লভা কৰিছিল। ১৯৯২ চনৰ পৰাই শাকপাচলি, প্লাষ্টিকৰ পানীৰ বটল আদি বিভিন্ন ব্যতিক্ৰমী সামগ্ৰীৰে ভিন্নধৰ্মী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি শিল্পীগৰাকীয়ে ভূয়সী প্ৰশংসা লাভ কৰি আহিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী