নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ স্বদেশী উপাদানেৰে বিশ্বাসযোগ্যতাৰে লক্ষ লক্ষ গ্রাহকৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছে পতঞ্জলি আয়ুর্বেদে৷ পতঞ্জলি গ্রুপ এতিয়া সকলোৰে বাবে বিশ্বাসযোগ্যতাৰ প্রতীক৷ যোগ–চিকিৎসা–খাদ্যপ্ পৰা সকলো দিশতে সগৌৰৱেৰে পতঞ্জলিয়ে অব্যাহত ৰাখিছে বর্ণিল যাত্রা৷ পতঞ্জলিয়ে ভিছন, ২০২৭ লক্ষ্য নির্ধাৰণ কৰি পাঁচটা বছৰৰ বাবে পাঁচটা বৃহৎ লক্ষ্য স্থিৰ কৰি লৈছে৷ বিশেষকৈ পতঞ্জলি ফুড লিমিটেডৰ পিছতে পতঞ্জলি আয়ুর্বেদ, পতঞ্জলি ৱেলনেছ, পতঞ্জলি মেডিচিন আৰু পতঞ্জলি লাইফ ষ্টাইল এই চাৰি কোম্পানীয়ে অব্যর্থ লক্ষ্যৰে আগবাঢ়ি গৈছে৷ বর্তমান পতঞ্জলি গ্রুপৰ টার্ন অভাৰ ৪০ হাজাৰ কোটি অহা ৫–৭ বছৰত ইয়াক এক লাখ কোটি কৰাৰ লক্ষ্য নির্ধাৰণ কৰি লোৱা হৈছে৷